Site icon Guwahati Times

কেঁচা বুটৰ উপকাৰিতা জানি লওক

ডায়েবেটিছ ৰোগীয়ে ৰাতিপুৱা খালি পেটত কেঁচা বুট খালে তেজত শৰ্কৰাৰ পৰিমাণ কম হোৱাত সহায় কৰে ।

কেঁচা বুটত এণ্টি-বায়টিক গুণ থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াত সহায় কৰে।

বুটমাহ গজালি উলিয়াই খালে অধিক মাত্ৰাত ভিটামিন-চি পোৱা যায়। ই তেজ পৰিষ্কাৰ আৰু বৃদ্ধি কৰে। ছালৰ উজ্বলতা বঢ়ায়।

পাচন শক্তি বঢ়ায়।গেছ ,কোষ্ঠকাঠিন্যতাৰ সমস্যা নোহোৱা হয়।

বুট শক্তি বৰ্ধক।অধিক মাত্ৰাত প্ৰটিন থকাৰ বাবে দুৰ্বল লোকৰ কাৰণে উপকাৰী।

কেঁচা বুটে অপকাৰী কলেষ্টৰল কম কৰি হৃদযন্ত্ৰ সুৰক্ষিত কৰে।

কেঁচা গজালি বুটে মানসিক অস্থিৰতা, অৱসাদ দূৰ কৰাত সহায় কৰে।

কেঁচা বুট সিজোৱা পানী খালে পিত্ত ৰোগৰ সমস্যা দূৰ হয়।( Assamese Fact )

জ্বৰ হ’লে কেঁচা বুট খালে জ্বৰ কমাত সহায় কৰে।

কেঁচা বুট তিয়াই থোৱা পানীত মৌ আৰু মিচিৰি মিহলাই খালে গৰমত হোৱা প্ৰস্ৰাৱৰ সমস্যাত উপকাৰ পোৱা যায়।শৰীৰৰ দুৰ্বলতা দূৰ হয়।

কেঁচা গজালি বুটে হাত-ভৰি তলুৱাৰ জ্বলা-পোৰা সমস্যা,স্নায়ু দুৰ্বলতা,মেৰুদণ্ডৰ বিষ দূৰ কৰাত সহায় কৰে।

নিয়মিয়াকৈ কেঁচা গজালি ওলোৱা বুট খালে দাঁত , চুলিৰ গুৰি মজবুত হয়।চুলি সৰা বন্ধ হয়

নিয়মিয়াকৈ কেঁচা গজালি বুট খালে কোলন কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।

নিয়মিয়াকৈ কেঁচা বুট খাই থাকিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে ।

কিন্তু ইউৰিক এচিড , কিডনি জনিত সমস্যা আদিত বুট অপকাৰী ।

(সংগ্ৰহিত)

Exit mobile version