Site icon Guwahati Times

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশে আগবাঢ়িল চৰাইদেউ মৈদাম ক্ষেত্ৰ

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত আৰু এখোজ আগবাঢ়িল চৰাইদেউ জিলাৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ। ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগে প্ৰস্তুত কৰা ড’চিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা পিছত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই ড’চিয়াৰ প্ৰেৰণ কৰিব ইউনেস্কোলৈ।

চৰাইদেউ মৈদাম ক্ষেত্ৰ হ’ল ২০২৩ বৰ্ষত ভাৰত চৰকাৰে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে প্ৰেৰণ কৰা একমাত্ৰ মনোনয়ন। ২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ’বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰাৰ কথা আজি সংবাদ মেলযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পিছতেই এতিয়া স্বাভাৱিকতে আনন্দিত হৈ উঠিছে চৰাইদেউবাসী। ইফালে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেবিনেট মন্ত্ৰী যোগেন মহনে আজিৰ দিনটো ৰাজ্যখনৰ বাবে আনন্দৰ দিন বুলি মন্তব্য আগবঢ়োৱাৰ লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ লগে লগেই চৰাইদেৱে এক নতুন মাত্ৰা লাভ কৰিব বুলি মন্তব্য কৰে৷

Exit mobile version