ৰাজ্যিক চিৰিয়াখানাত বন্ধ মুর্গীৰ মাংস

0 min read

ক’ৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত বিয়পিছে বার্ড–ফ্লুৰ আতংক৷ কেৰেলা আৰু হাৰিয়ানাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বার্ড–ফ্লুই মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি বার্ড–ফ্লুৰ আতংক বিৰাজ কৰিছে৷ ৰাজস্থান, কেৰেলা আৰু হাৰিয়ানাকে ধৰি দেশৰ আঠখন ৰাজ্যত বার্ড–ফ্লুত আক্রান্ত হৈ হাজাৰ হাজাৰ পক্ষী মৃত্যুমুখত পৰাত কেন্দ্রীয় চৰকাৰে ইতিমধ্যে কেইবাখনো ৰাজ্যত ১৪৪ ধাৰা জাৰি কৰাৰ বিপৰীতে বার্ড–ফ্লু যাতে মানৱ দেহত সংক্রমিত হ’ব নোৱাৰে, তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ পৰিৱেশ মন্ত্রালয়ে ইতিমধ্যে অসমকে ধৰি দেশৰ সকলো ৰাজ্যলৈ সতর্কবাণী প্রেৰণ কৰি ৰাজ্য চৰকাৰক ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে৷

কেন্দ্রীয় চৰকাৰৰ নির্দেশমর্মে বিষয়টো গুৰুত্বসহকাৰে লৈ অসম চৰকাৰে বহিঃৰাজ্যৰ পৰা অসমলৈ মুর্গীৰ আমদানি সাময়িকভাৱে বন্ধ কৰিছে৷ বহিঃৰাজ্যৰ পৰা অহা মুর্গীৰ পৰা যাতে বার্ড–ফ্লু সংক্রমিত হ’ব নোৱাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে কামৰূপ মহানগৰীকে ধৰি ৰাজ্যৰ সকলো জিলা প্রশাসনক সতর্কবাণী প্রেৰণ কৰিছে৷ ইপিনে, অসম ৰাজ্যিক চিৰিয়াখানাত ব্রইলাৰ মুর্গীৰ মাংস আৰু কণী নিষিদ্ধ কৰা হৈছে৷ জীৱ–জন্তুৰ বাবে যোগান ধৰা মুর্গীৰ মাংসৰ পৰা যাতে জীৱ–জন্তুৰ দেহত বার্ড–ফ্লু সংক্রমিত হ’ব নোৱাৰে, তাৰ বাবে ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষই মুর্গীৰ মাংস যোগান ধৰাৰ পৰা বিৰত আছে৷

দেশৰ বিভিন্ন ৰাজ্যত বার্ড–ফ্লুই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ মাজতে কেন্দ্রীয় চিৰিয়াখানা প্রাধিকৰণে অসম ৰাজ্যিক চিৰিয়াখানালৈ সতর্কবাণী প্রেৰণ কৰিছে৷ কেন্দ্রীয় চিৰিয়াখানা প্রাধিকৰণৰ নির্দেশ অনুসৰি ইতিমধ্যে ৰাজ্যিক চিৰিয়াখানাত জীৱ–জন্তুক মুর্গীৰ মাংসৰ আৰু কণীৰ বিপৰীতে আন মাংস অথবা খাদ্য যোগান ধৰি থকা বুলি চিৰিয়াখানাৰ ডিএফ’ তেজস্ব মাৰিস্বামীয়ে জানিবলৈ দিছে৷ অৱশ্যে অসমত এতিয়াও চৰকাৰীভাৱে বার্ড–ফ্লু আক্রান্ত হোৱাৰ তথ্য প্রকাশ কৰা নাই৷

You May Also Like

More From Author