Site icon Guwahati Times

কিশোৰীক যৌন নিৰ্যাতন চলোৱা পাঁচ অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্ত

গোলাঘাট সত্ৰ ন্যায়ালয়ৰ এম. এইচ. বৰভূঞা বিচাৰপীঠত ইতিমধ্যে অন্ত পৰে কিশোৰীক যৌন নিৰ্যাতন চলোৱা পাঁচজনকৈ লোকৰ বিচাৰ প্ৰক্ৰিয়া । সেই অনুসৰি বগীজান আৰক্ষী থানাৰ 87/19 গোচৰত অভিযুক্ত লক্ষীন্দ্ৰ চৰেং আৰু চুকুৰা মাঝিক বিশ বছৰৰ কাৰাদণ্ড দিয়াৰ লগতে প্ৰতিজনৰ পৰা পাঁচ হাজাৰকৈ জৰিমনা বিহে । দুয়ো এগৰাকী প্ৰায় সাত/আঠ বছৰীয়া কিশোৰী ধৰ্ষণৰ লগত জড়িত আছিল । ইয়াৰোপৰি সুখা কৰ্মকাৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাৰ 995/19 গোচৰৰ শুনানীত দোষী সাব্যস্ত কৰি সাত বছৰৰ কাৰাদণ্ড দিয়াৰ লগতে 2000 টকাৰ জৰিমনা বিহা হয় ।

দেৰগাঁও আৰক্ষী থানাৰ 137/21 নং গোচৰৰ অভিযুক্ত আমিনুল চিকদাৰো কিশোৰীক যৌন নিৰ্যাতনৰে জড়িত প্ৰমাণিত হোৱাত আদালতে বিশ বছৰৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ জৰিমনা বিহে । গোলাঘাট আৰক্ষী থানাৰ অন্য এক গোচৰ 971/19 মৰ্মে অনিল বৰাক ছয় বছৰৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ জৰিমনা বিহে ।

উল্লেখ্য যে, দোষী সাব্যস্ত হোৱা অভিযুক্ত পাঁচজনেই কিশোৰীক যৌন নিৰ্যাতনৰ লগত জড়িত আছিল ।

Exit mobile version