ক’ৰনা ভাইৰাছ মহামাৰীৰ পিছত, শিশুসকলৰ বিদ্যালয়সমূহ বন্ধ হৈ পৰিছিল আৰু তাৰ পিছত অনলাইন শ্ৰেণীৰ প্ৰৱণতা আৰম্ভ হৈছিল। এই সময়ছোৱাত, শিক্ষাৰ বাবে মোবাইল, টেবলেট আৰু লেপটপ একমাত্ৰ উপায় আছিল। যদিও বিদ্যালয়বোৰ বৰ্তমান সম্পূৰ্ণৰূপে মুকলি হৈছে, কিন্তু শিশুসকলে এই গেজেটবোৰ ব্যৱহাৰ কৰি অভ্যস্ত হৈ পৰিছে। এনে নহয় যে সেইবোৰ কেৱল অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা হয়, বৰঞ্চ বহুতো শিশুৱে ইয়াক ভিডিঅ’ চোৱা আৰু গেম খেলাৰ বাবে ব্যৱহাৰ কৰি আছে। কিন্তু এই গেজেটবোৰ একেৰাহে ব্যৱহাৰ কৰাটো বিপদজনক হ’ব পাৰে।
~ ম’বাইলে শিশুৰ দৃষ্টিশক্তি নষ্ট কৰিব পাৰে
যদি কাৰোবাৰ সন্তানে চকুৰ চাপ, দুৰ্বল দৃষ্টিশক্তি, চকুৰ বিষ বা চকুৰে পানী ওলাই থকাৰ অভিযোগ কৰে, ইয়াক সহজভাৱে নল’ব, লগে লগে নিকটতম চকু বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ যাব।
~ শিশুৰ চকুৰ যত্ন লোৱাৰ উপায়সমূহঃ
• শিশুৰ অধ্যয়নৰ বাবে ডাঙৰ পৰ্দা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক যাতে তেওঁলোকৰ চকুত চাপ নপৰে, ইয়াৰ বাবে আপুনি ডাঙৰ স্মাৰ্ট টেলিভিছন বা প্ৰজেক্টৰ ব্যৱহাৰ কৰিব পাৰে।
• শিশুসকলক একেৰাহে মোবাইল আৰু টেবলেট চোৱাৰ পৰা বিৰত ৰাখক।
• শিশুসকলক অনলাইন গেম খেলিবলৈ নিদিব, তাৰ সলনি তেওঁলোকক বাহিৰৰ খেল খেলিবলৈ লৈ যাওক, যেনে বেডমিণ্টন, ফুটবল আৰু ভলীবল ইত্যাদি।

