Site icon Guwahati Times

শিশুৰ শ্ৰীবৃদ্ধি ভাল কৰে নাৰিকলৰ পানীয়ে

নাৰিকল কিয় নাৰিকলৰ পানী খাব লাগে :-

নাৰিকল আৰু নাৰিকলৰ পানীত যথেষ্ট পৰিমাণে ভিটামিন A, মেগনেচিয়াম, মেন্গানিজ, পটাচিয়াম, ৰাইবফ্লেভিন, নিয়াচিন, থায়ামিন তথা পেৰিডক্সিন আৰু চদিয়াম থাকে। লগতে দেহত প্ৰয়োজন হোৱা ইলেক্ট্ৰলাইট আৰু যথেষ্ট পৰিমানৰ পানী থাকে। ইয়াৰ উপৰিও যথেষ্ট পৰিমাণে এন্টী-অক্সিডেন্ট , প্ৰটিন, চৰ্বী আছে। নৈমিত্তিক নাৰিকল আৰু নাৰিকলৰ পানী সেৱন কৰিলে তলৰ উপকাৰ সমূহ পাব পাৰি :-

১) দেহৰ কোষত জমা হৈ থকা বিষাক্ত অবৰ্জিত পদাৰ্থ নিষ্কাষণ হয় ।

২) মেগনেচিয়াম থকা বাবে দেহত ডায়েবেটিচ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। লগতে ইনচুলিন হৰমন নিয়ন্ত্ৰণ কৰি তেজৰ চুগাৰ নিয়ন্ত্ৰণ হয়।

৩) কিডনী পাথৰ প্ৰতিৰোধ কৰিব পাৰে নাৰিকলে। নাৰিকলৰ পানীয়ে পেচাবৰ বেক্টেৰিয়া ৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰে।

৪) তেজৰ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ লগতে হৃদৰোগ প্ৰতিহত কৰিব পাৰে।

৫) লিভাৰৰ জমা হোৱা চৰ্বী ক্ষয় কৰাৰ লগতে লিভাৰত চৰ্বী জমা হোৱাত বাধা দিব পাৰে।

৬) প্ৰটিন আৰু লৌৰিক এচিড থকা বাবে দেহৰ শক্তি বৃদ্ধি কৰিব পাৰে নাৰীকল সেৱনে।

৭) খাদ্য নলীৰ পাচন ক্ৰিয়া উদ্দীপ্ত কৰাত সহায় কৰে বাবে কোষ্ঠ-কাঠিন্য দুৰ হয়। লগতে গেচট্ৰিক, আলচাৰ, পাইলচ, ডিচেনট্ৰি , সঘনাই বমি হৈ থকা আদি সমস্যাবোৰটো ই বৰ উপকাৰী।

৮) ভিন্ন ধৰণৰ ইলেক্ট্ৰলাইট থকা বাবে দেহৰ ৰক্ত সঞ্চালন বৃদ্ধি হয় নাৰিকল খালে।ফলত মগজুৰ অৱসাদ দূৰ হয়।

৯) গৰমত শৰীৰৰ ডিহাইড্ৰেছন দূৰ কৰাৰ উদ্দেশ্যে এই পানী পান কৰিলে তাৎক্ষণিক ফল পোৱা যায়। গৰ্ভৱতী মহিলা সকলেও এই পানী মাজে সময়ে পান কৰা উচিত ।

১০) উঠি অহা লৰা ছোৱালীক এই পানী পান কৰালে শ্ৰীবৃদ্ধি সুন্দৰ হয়।

১১) নিয়মিত এই পানীয় সেৱন কৰিলে মুখৰ দাগ, ভ্ৰুণ আদি নোহোৱা হয় আৰু মুখৰ উজ্বলতা বৃদ্ধি পায়, দেহত ঘামুচি নহয়।

Exit mobile version