Site icon Guwahati Times

’তৰুণ গগৈ সুস্থ হ’লেই আৰম্ভ হ’ব মিত্ৰতাৰ কাম’ – বদৰুদ্দিন আজমল

গুৱাহাটী , ৪অক্টোবৰঃ এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা বদৰুদ্দিন আজমলে আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ খবৰ ল’বলৈ গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত উপস্থিত হৈ কংগ্ৰেছৰ সৈতে চলি থকা মিত্ৰতা সম্পৰ্কে আনুষ্ঠানিক ঘোষণাত কিছু সময় লাগিব বুলি মন্তব্য কৰে৷
আজমলে কয় – “মিত্ৰতা নিশ্চিত৷ এই ক্ষেত্ৰত বহুত কাৰ্যবিধি থাকে। বৰ্তমান সকলো সঠিক দিশত গৈ আছে। যি হৈছে সকলো ভালেই হব ।”
তৰুণ গগৈৰ স্বাস্থ্য বৰ্তমান সময়ত ভাল আৰু অতিশীঘ্ৰেই সক্ৰিয় ৰাজনীতিত যোগদান কৰিব বুলি প্ৰকাশ কৰি আজমলে তৰুণ গগৈক এইক্ষেত্ৰত প্ৰধান মুৰব্বী বুলি আজমলে মন্তব্য প্ৰকাশ কৰে ।
নতুন আঞ্চলিক দলৰ সৈতে মন্তব্য কৰি আজমলে সকলোকে একেলগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আহ্বান জনায় । আজমলে কয় – “আগন্তুক দিনত বিজেপি অকলশৰীয়া হৈ যাব”৷
Exit mobile version