Site icon Guwahati Times

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বিৰুদ্ধে বিধানসভা অধ্যক্ষক অভিযোগ কংগ্ৰেছ বিধায়িনী দলৰ

 অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰি শনিবাৰে নিশা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত এক অভিযোগ পত্ৰ দাখিল কৰে কংগ্ৰেছৰ বিধায়িনী দলে ।

কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা বিধায়কৰ দলটোৱে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও অধ্যক্ষৰ ওচৰত দাবী জনায় ।

অভিযোগ পত্ৰখনত কংগ্ৰেছ বিধায়িনী দলে উল্লেখ কৰে যে, শুকুৰবাৰে ছিপাঝাৰত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সংবাদ মাধ্যমৰ আগত “মই পুলিচ । বিধায়ক চিধায়ক নামানো” বুলি মন্তব্য কৰিছিল । তেওঁৰ এনে মন্তব্যই কেৱল বিধায়ক সকলকে অপমান কৰা নাই । পবিত্ৰ বিধানসভাকো অপমান কৰিছে ।

সেয়েহে বিশেষাধিকাৰ ভংগৰ অভিযোগত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে কংগ্ৰেছ বিধায়িনী দলে অধ্যক্ষৰ ওচৰত দাবী তোলে ।

Exit mobile version