বটদ্রৱাৰ পৰা আৰম্ভ কংগ্রেছৰ বাছযাত্রা

0 min read

বিজেপিৰ অপশাসনৰ পৰা ৰাজ্যক মুক্ত কৰাৰ আহ্বানেৰে আজিৰে পৰা ৰাজ্যৰ চাৰিটা ভিন্ন স্থানৰ পৰা ভাৰতীয় জাতীয় কংগ্রেছ দলে আৰম্ভ কৰে ‘অসম বচাওঁ আহক’ শীর্ষক প্রচাৰ কার্যসূচী৷ এই অভিযানত বাছযাত্রাৰে কংগ্রেছ দলৰ শীর্ষস্থানীয় নেতাসকলে দূৰণিবটীয়া অঞ্চলসমূহলৈ গৈ ৰাইজৰ মাজত প্রচাৰ চলাব৷ গুৰুজনাৰ জন্মস্থান বটদ্রৱা থান, গুৱাহাটী, শিৱসাগৰ, শিলচৰ এই চাৰিটা স্থানৰ পৰা আৰম্ভ কৰিবলগীয়া বাছযাত্রাৰ আজি প্রথমটো যাত্রাৰ বটদ্রৱাৰ পৰা নেতৃত্ব দিয়ে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈ, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, প্রাক্তন মন্ত্রী গৌতম বৰা, অসম প্রদেশ কংগ্রেছ সমিতিৰ সম্পাদিকা শিৱামণি বৰাকে প্রমুখ্য কৰি কংগ্রেছ দলৰ নেতাসকলে৷

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱা থানত উপস্থিত হৈ গুৰুজনাৰ আশিস শিৰত লৈ নগাঁও জিলাৰ অনান্য স্থানসমূহ পৰিভ্রমণ কৰি ঐতিহাসিক শিৱসাগৰত বাছযাত্রাৰ সামৰণি মাৰিব বুলি সাংসদ বৰদলৈয়ে সাংবাদিকৰ আগত প্রকাশ কৰে৷ বটদ্রৱা থানৰ পৰা যাত্রা আৰম্ভ কৰাৰ প্রাকমুহূর্তত প্রদ্যুৎ বৰদলৈয়ে কয়– ‘এই যাত্রা অকল ৰাজনৈতিক যাত্রা নহয়৷ অসমৰ সকলো জনসাধাৰণৰ দুখ–দুর্দশাৰ বুজ ল’বলৈ বটদ্রৱা থানৰ পৰা গুৰুজনাৰ আশিস শিৰত লৈ আমি এই যাত্রা আৰম্ভ কৰিছোঁ৷’ ইফালে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক লগত লৈ বটদ্রৱা থানৰ কীর্তনঘৰত সেৱা লয়৷ অসমীয়া জাতীয় সাজ পৰিধান কৰি কংগ্রেছ নেতৃবৃন্দই বটদ্রৱা থানত সেৱা জনাই পৰৱর্তী সময়ত বটদ্রৱাৰ শান্তিজান বজাৰৰ সমীপত এখন সভা অনুষ্ঠিত কৰি ‘অসম বচাওঁ আহক’ শীর্ষক বাছযাত্রা আৰম্ভ কৰে৷ সভাত জিতেন্দ্র সিঙে বিজেপিৰ অপশাসনত ধ্বংস হোৱা অসমক বচাবলৈ আমি মহাপুৰুষ শংকৰদেৱৰ ওচৰত প্রার্থনা কৰি সমগ্র ৰাজ্যৰ ৰাইজৰ ওচৰলৈ যাব বিচাৰিছেছা বুলি মন্তব্য কৰে৷

কার্যসূচীত অংশগ্রহণ কৰি জিতেন্দ্র সিঙে কয়– অহা নির্বাচনত অসমত কংগ্রেছে চৰকাৰ কৰাটো নিশ্চিত৷ বিজেপি নেতৃত্বাধীন চৰকাৰে নির্বাচনী বৈতৰণী পাৰ হ’বলৈ হিতাধিকাৰী সৃষ্টি কৰি চমক সৃষ্টি কৰিব বিচাৰিছে৷ অসমৰ ৰাইজে বিজেপিৰ কাৰচাজি বুজি উঠিছে৷ সেয়ে অসমৰ ৰাইজে সমাগত নির্বাচনত বিজেপিক যোগ্য প্রত্যুত্তৰ দিব৷ বিজেপিৰ মিথ্যাচাৰ–অপশাসনৰ্ পৰা অসমক উদ্ধাৰ কৰিবলৈ কংগ্রেছ সংকল্পবদ্ধ৷ ইপিনে সাংসদ বৰদলৈয়ে কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে চান্দসাই নামৰ এজন মুছলমানক আৰু নৰোত্তম নামৰ এজন জনজাতীয় লোকক শিষ্যত্ব প্রদান কৰি সকলোকে বুকুৰ মাজত সাবটি বৃহত্তৰ অসমীয়া জাতি গঢ়াৰ চেষ্টা কৰিছিল৷ এইবোৰ কথা বুজাৰ শক্তি বিজেপিৰ নাই৷ ইপিনে বদৰুদ্দিন আজমলে শংকৰদেৱ চাহাব বুলি কোৱা সম্পর্কত সাংবাদিকে প্রশ্ণ সোধাত তেওঁ কয়– তেওঁলোকে নিজৰ ভাষাত চাহাব বুলি কৈছিল৷ চাহাব কোনো বেয়া শব্দ নহয়৷ ভক্তিৰে তেওঁলোকে এই কথা কৈছিল৷ সাংসদ গৌৰৱ গগৈয়ে কয়– বিজেপি নেতাই নাচিছে, গান গাইছে৷ কিন্তু আমি মানুহৰ মাজত সোমাই দুখ–দুর্দশাৰ খবৰ লোৱাৰ চেষ্টা কৰিছেছা৷ এইটোৱেই হৈছে পার্থক্য৷ বিজেপিৰ অহংকাৰৰ পৰা অসমৰ ৰাইজে নিজকে বচাবলৈ বিচাৰে৷

You May Also Like

More From Author