৫খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এইবছৰতে দেশৰ অনুষ্ঠিত হ’ব ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এই বছৰতে তেলেংগানা, ছত্তীশগড়, ৰাজস্থান, মধ্য প্ৰদেশ আৰু মিজোৰামত অনুষ্ঠিত হ’ব নিৰ্বাচন।
আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ লৈ ইতিমধ্যে শাসক,বিৰোধীয়ে নিৰ্বাচনী প্ৰস্ততি আৰম্ভ কৰিছে ।
দেওবাৰে কংগ্ৰেছ দলে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । কংগ্ৰেছ দলে দেওবাৰে মধ্যপ্ৰদেশ নিৰ্বাচনৰ বাবে ১৪৪ জনীয়া প্ৰাৰ্থী নাম ঘোষণা কৰিছে । কংগ্ৰেছ দলে ছত্তীশগড় নিৰ্বাচনৰ বাবে ৩০ জনীয়া আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে ৫৫ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ।
উল্লেখ্য যে, মধ্যপ্ৰদেশত কংগ্ৰেছে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু পিচিচি মুৰব্বী কমল নাথক তেওঁৰ ছিন্দৱাৰা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে ।ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙৰ পুত্ৰ জয়বৰ্ধন সিঙক ৰাগিগাথ আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
ছত্তীশগড়ত কংগ্ৰেছে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক তেওঁৰ পাটন বিধানসভা সমষ্টিৰ পৰা আৰু উপ মুখ্যমন্ত্ৰী টি এছ সিং দেওক অম্বিকাপুৰ বিধানসভা আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তেলেংগানাত দলটোৱে প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অনুমালা ৰেৱন্ত ৰেড্ডীক কোদাংগল বিধানসভা আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰে আনহাতে চিএলপি নেতা ভাট্টি বিক্ৰমাৰ্কা মাল্লুক মাধিৰা-এছচি আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
ছত্তীশগড় বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব দুটা পৰ্যায়ত । এই নিৰ্বাচন অনুষ্ঠিত হ’ব ৭ আৰু ১৭ নৱেম্বৰত । আনহাতে মধ্যপ্ৰদেশৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১৭ নৱেম্বৰত আৰু তেলেংগানা বিধানসভা নিৰ্বাচন ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব ।
আনহাতে বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ৩ ডিচেম্বৰত ঘোষণা কৰা হ’ব ।

