ক’ৰোনা আৰু ধৰ্ম ! – Guwahati Times

ক’ৰোনা আৰু ধৰ্ম !

কালিৰ পৰা ক’ৰোনাত কৈও যেন ডাঙৰ এটা ভাইৰাছ আহিল অসমলৈ । যিসময়ত পৃথিৱীত কোনো এখন শক্তিশালী ৰাষ্ট্ৰই মহামাৰীৰ ক’ৰোনাৰ পৰা ৰক্ষা পাব পৰা নাই তেনে সময়তে এই মুলুকত প্ৰতিটো পক্ষৰ একাংশ ধৰ্মান্ধই প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে । অদৃশ্য ভগৱান, আল্লা অথবা গডৰ সলনি দৃশ্যমান চিকিৎসকসকলক বাস্তৱ পৃথিৱীৰ ভগৱান বুলি সকলোৱে একেমুখে কোৱাৰ পাচত একাংশ ধৰ্মান্ধৰ অনৰ্থক কথা-বতৰা আৰু আক্ৰোশমূলক আচৰণে ভাবিবলৈ বাধ্য কৰিছে প্ৰকৃততে ইহঁতবোৰহে পৃথিৱীৰ বাবে ভয়াৱহ আৰু সংক্ৰামক ।

চৰ্চিত হৈ থকা দিল্লীৰ নিজামুদ্দিনৰ প্ৰসংগত কওঁ , নিজামুদ্দিনৰ সেই বিশেষ ধৰ্মীয় সভাত অংশগ্ৰহণ কৰি ভাৰতৰ কেইখনমান ৰাজ্যৰ ১০ লোকৰ ইতিমধ্যে মৃত্যু হৈছে ক’ৰোনাত আক্ৰান্ত হৈ । কিন্তু তাৰ পাচতো কালি অৰ্থাৎ মঙলবাৰে নিশা ছ’চিয়েল মিডিয়াত গোলাঘাটৰ বাতিপৰীয়াৰ এজন যুৱকৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল । ভিডিঅ’টোত নিজামুদ্দিনৰ এই বিশেষ সমাৱেশলৈ যোৱা যুৱকজনে ১০০ শতাংশ গ্যাৰাণ্টি দি কৈছে যে তাত কোনো ক’ৰোনা আক্ৰান্ত হোৱা নাই । তেওঁ বাৰে বাৰে এইয়া ভুল বাতৰি বুলি প্ৰতিপন্ন কৰিব বিচৰাৰ লগতে এইটোও উল্লেখ কৰে যে বৰ্তমান তেওঁলোকক ১৪ দিনৰ বাবে আছুতীয়াকৈ ৰাখিছে দিল্লীৰ প্ৰশাসনে ।
এতিয়া কথা হ’ল যুৱকজনে কোৱা এই ১০০ শতাংশ গ্যৰাণ্টিৰ কথাটোৱে সাধাৰণ মানুহক বিপথে পৰিচালিত নকৰিবনে । ভাৰত চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ প্ৰকাশিত তথ্যকো কিয় পোনচাটেই নাকচ কৰিছে যুৱকজনে । হয় নিজামুদ্দিনত কোনো ক’ৰোনা আক্ৰান্ত বৰ্তমান নাথাকিব পাৰে কিন্তু তাৰ পৰা উভিত অহাৰ পাচতেই একাংশ লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে দহজনকৈ লোকৰ মৃত্যু হৈছিল ।

যিসময়ত মক্কাৰ এটা মছজিদৰ এজন ইমামে লকাডাউন পালন কৰাৰ লগতে সকলো লোকক সুৰক্ষিত হৈ থাকিবলৈ অনুৰোধ কৰিছে , লগতে কৈছে যে মানুহক ৰক্ষা কৰাটোৱেই হৈছে মুছলমানৰ প্ৰধান ধৰ্ম । যদি পৃথিৱীত মানুহেই নাথাকে তেন্তে মন্দিৰ অথবা মছজিদ কেনেকৈ থাকিব বুলিও কয় এইগৰাকী ইমামে । তাৰ বিপৰীতে একাংশই ধৰ্মীয় গোড়ামীৰে নিৰক্ষৰ লোকসকলক বাৰু জটিল সময়লৈ ঠেলি দিয়া নাইনে ।

চিকিৎসাবিজ্ঞানেও বৰ্তমানলৈকে সঠিক প্ৰতিষেধক আৱিষ্কাৰ কৰিব নোৱাৰা ক’ৰোনাক লৈ বিশ্বৰ সকলো বিজ্ঞানী , চিকিৎসক ব্যস্ত থকাৰ সময়তে হিন্দু অথবূা মুছলমান দুয়োপক্ষৰে একাংশই ধৰ্মান্ধই সৃষ্টি ধৰ্মকেন্দ্ৰিক ভাইৰাছ হে এতিয়া সকলোতকৈ বিপদজনক ।

ধৰ্মৰ বিষয়বোৰ অন্তৰত ৰাখক , আপোনাৰ মোৰ ইষ্ট দেৱতা গৰাকী পৃথক হ;’ব পাৰে কি্ন্তু প্ৰথম অৱস্থাত আমি মানুহ । এনে ধৰ্ম কিয় লাগে যি ধৰ্মই ধ্বংস কৰে মানৱীয়তা ।

প্ৰকৃততে মই কি ধৰ্মৰ মই নিজেই ভাবিব নোৱাৰো । হিন্দু পৰিয়ালৰ হোৱাৰ বাবে মইও হিন্দু । কিন্তু জীৱনত যিমানটা মছজিদ, মন্দিৰ, গুৰুদ্বাৰ অথবা গীৰ্জাৰ কাষেৰে আহিছোঁ প্ৰতিটোতেই এবাৰলৈ মূৰ দোঁৱাইছো । মোৰ বাবে ঈশ্বৰ এটা প্ৰশান্তি আৰু বিশ্বাসৰ নাম ।

Content by:

পাৰ্থৱ শইকীয়া

error: Content is protected !!