Site icon Guwahati Times

আপোনাৰ শিশুটিক নোখোৱাব এইটো ভাৰতীয় কোম্পানীৰ কফচিৰাপ: WHO ৰ সতৰ্কবাণী

বিশ্ব স্বাস্থ্য সংস্থাই উজবেকিস্তানত ভাৰতীয় কফচিৰাপ খাই ১৯টা শিশুৰ মৃত্যুৰ পাছত এই কফচিৰাপৰ ব্যৱহাৰৰ বিষয়ে সকীয়াই দিছে। যাৰ পাছতে WHO কৈছে যে নয়ডা ভিত্তিক কোম্পানী মেৰিয়ান বায়’টেকৰ দ্বাৰা নিৰ্মিত দুটা কফ চিৰাপ ব্যৱহাৰ কৰা উচিত নহয়।

উজবেকিস্তান চৰকাৰে শিশুৰ মৃত্যুৰ বাবে নয়ডাস্থিত মেৰিয়ান বায়’টেকৰ কফ চিৰাপ ‘ডক-১ মেক্স’ক দোষাৰোপ কৰে। খবৰ অনুসৰি এতিয়ালৈকে মেৰিয়ান বায়’টেকে এই সামগ্ৰীসমূহৰ সুৰক্ষা আৰু মানদণ্ডৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নিশ্চয়তা প্ৰদান কৰা নাই।

গম্বিয়াতো হৈছিল অনুৰুপ ঘটনা

ইথিলিন গ্লাইকলৰ উপস্থিতি doc -1 max syrup ত দেখুওৱা হৈছে। ইয়াতো একেটা বিপজ্জনক ৰাসায়নিক পদাৰ্থ আছে যিবোৰ গাম্বিয়াত মৃত্যুৰ কাৰণ আছিল। ২০২২ চনৰ অক্টোবৰ মাহত আফ্ৰিকান দেশ গাম্বিয়াত ভাৰতত নিৰ্মিত কফ চিৰাপৰ দ্বাৰা ৬০ জনতকৈ অধিক শিশুক মৃত্যু হোৱা বুলি দাবী কৰা হৈছিল।

Exit mobile version