Site icon Guwahati Times

কভিডক প্ৰতিহত কৰিবলৈ আহি গ’ল ভাৰতীয় ঔষধ 2-DG

কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত নিৰ্ণায়ক ভূমিকা পালন কৰিবলৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ দ্বাৰা এণ্টি-কোভিড মেডিচিন, 2-DG আজিৰে পৰা মুকলি কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে এই ঔষধটো মুকলি কৰে।

পাউডাৰ ৰূপত উপলব্ধ ঔষধঃ ডিআৰডিঅ’ৰ মতে, হায়দৰাবাদৰ ড০ ৰেড্ডী লেবৰ সহযোগত ইনষ্টিটিউট অৱ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড চাইন্সেছ ৰ দ্বাৰা ‘2-ডিঅক্সি-ডি-গ্লুকোজ’ ঔষধটো বিকশিত কৰা হৈছে। শেহতীয়াকৈ ক্লিনিকেল পৰীক্ষণ সম্পন্ন হোৱাৰ পাছত ঔষধটো অলপতে ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলৰ দ্বাৰা জৰুৰীকালীন সেৱা বাবে অনুমোদন কৰা হৈছিল। এই ঔষধটো ৰোগীসকলে ইয়াক পানীত দ্ৰৱীভূত কৰি খাব লাগিব।

2-DG ৰ সন্দৰ্ভত এজন বিষয়াই কয় যে এই গ্লুকোজ-আধাৰিত ঔষধৰ ব্যৱহাৰে কৰোনা ৰোগীসকলক অক্সিজেনৰ ওপৰত অধিক নিৰ্ভৰশীল নকৰে। একে সময়তে তেওঁলোক সোনকালে আৰোগ্য হ’ব। ক্লিলিনকেল পৰীক্ষণৰ সময়ত 2-DG ঔষধ প্ৰদান কৰা কৰোনা ৰোগীসকলৰ আৰ.টি.-পি.চি.আৰ. প্ৰতিবেদন সোনকালেই নিগেটিভ হয়।

Exit mobile version