একেৰাহে দ্বিতীয় দিনাও ৰাজ্যত বৃদ্ধি আক্রান্তৰ হাৰ

0 min read

ৰাজ্যত একেৰাহে দ্বিতীয় দিনাও সামান্য পৰিমাণে বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ হাৰ৷ বুধবাৰে ক’ভিড আক্রান্তৰ হাৰ ২.৭১ শতাংশলৈ বৃদ্ধি পাইছে৷ কালি এই হাৰ আছিল ২.৬৪ শতাংশ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৯১,৪৫২টা নমুনা পৰীক্ষা কৰাত ২,৪৭৯জন লোকৰ শৰীৰত ধৰা পৰে ক’ভিডৰ অৱস্থিতি৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৩৩০জন গোলাঘাট জিলাৰ৷ তদুপৰি নগাঁৱৰ ১৯১জন, যোৰহাটৰ ১৮০জন, শোণিতপুৰৰ ১৭৯জন আৰু কামৰূপ মহানগৰ জিলাৰ ১৩৭জন লোক ক’ভিডত আক্রান্ত হৈছে৷

ইপিনে আজি ক’ভিডত মৃত্যু হৈছে ৩০জন লোকৰ৷ মৃত লোকসকলৰ ভিতৰত সর্বাধিক চাৰিজন বৰপেটা জিলাৰ৷ তদুপৰি যোৰহাট–কার্বি আংলং–শিৱসাগৰৰ তিনিজনকৈ লোকৰ মৃত্যু ঘটিছে৷ সেইদৰে চিৰাং–কামৰূপ মহানগৰ–নগাঁও–তি দুজনকৈ আৰু কাছাৰ–চৰাইদেউ–ধেমা এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ ইপিনে আজি ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ৩,০৫৩জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে ২৫,০৮৮জন৷

You May Also Like

More From Author