প্ৰাপ্য বিচাৰি ক’ভিড-১৯ চাফাই কর্মীৰ প্ৰতিবাদ:’কথা দি কথা ৰাখক স্বাস্থ্যমন্ত্ৰী’

1 min read

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত  প্ৰতিবাদত উত্তাল হ’ল দিছপুৰৰ চচল।।সদৌ অসম ক’ভিড-১৯ চাফাই কর্মী সন্থাই প্ৰাপ্য বিচাৰি সাব্যস্ত কৰে তীব্র প্ৰতিবাদ।

‘হয় আমাক সংস্থাপন দিয়ক, নহয় আমাক গুলীয়াই মাৰক”-স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলে কয়। প্ৰতিবাদত অংশগ্ৰহণ কৰি মুখ্য চাফাই কর্মী সন্থাৰ মুখ্য সমন্বয়ক ৰূপম ভৰালীয়ে কয়- “গণতান্ত্ৰিক আন্দোলনৰ অন্তিম পৰ্যায় অনশন।ইয়াৰ পাছত আমি আৰু আন্দোলন নকৰো।হয় সংস্থাপন দিয়ক,অন্যথা ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যা পথ বাছি লম”।উল্লেখ,তেজপুৰৰ এগৰাকী ক’ভিড-১৯ চাফাই কর্মীয়ে ইতিমধ্যে মৃত্যুক আঁকোৱালি লোৱা বুলি কয় ভৰালীয়ে।

মঙলবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰি চাফাই কর্মীসকলে কয়-“মন্ত্ৰী মহোদয় আপুনি কথা ৰাখক।চাফাই কর্মীসকলক যিদৰে কভিডৰ পাছত সংস্থাপন দিম কৈছিল সেইদৰে আমাক সংস্থাপন দিয়ক।”

তাৎপৰ্যপূৰ্ণ যে ৰাজ্যত মহামাৰী ক’ৰনাই গ্ৰাস কৰাৰ সময়ত ক’ৰনা আক্রান্তসকলক চোৱা -চিতা কৰা লগতে সকলো চাফ-চিকুণৰ বাবে অংশকালীন হিচাপে নিযুক্তি প্ৰদান কৰিছিল এইসকল চাফাই কর্মীক।প্ৰথম পৰ্যায়ত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চাফাই কর্মীসকলক চাকৰি নিয়মীয়াকৰণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল।কিন্তু পৰৱৰ্তী পৰৱৰ্তী সময়ত চাকৰি নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে চাকৰিৰ পৰা অব্যাহতি দিয়ে।

সমগ্ৰ ৰাজ্যত প্ৰায় ৫০০০ হাজাৰ চাফাই কর্মী ক’ভিড-১৯ৰ সময়ত নিযুক্তি দিয়া হৈছিল।

উল্লেখ,ক’ভিড-১৯ চাফাই কর্মী হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে এইসকল নিবনুৱাই বিভিন্ন কৰ্ম কৰি আছিল।কিন্তু ক’ভিড-১৯ চাফাই কর্মী হিচাপে নিযুক্তি লাভ কৰি সেই কৰ্ম ত্যাগ কৰিছিল।কিন্তু শেহতীয়াভাৱে ক’ভিড-১৯ চাফাই কর্মীৰ পৰা অব্যাহতি দিয়াত  সংস্থাপনহীনতাত ভুগিব লগা হৈছে চাফাই কর্মীসকল।

You May Also Like

More From Author