Site icon Guwahati Times

পথযোগে অসমলৈ অহা সকলোৰে ক’ভিড পৰীক্ষা বাধ্যতামূলক

এতিয়াৰে পৰা পথযোগে অসমলৈ অহা সকলোৰে ক’ভিড টেষ্ট বাধ্যতামূলক। সেয়ে অসম-বংগ সীমান্তৰ কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত স্থাপন কৰা হৈছে ক’ভিড টেষ্টিং চেণ্টাৰ।

শ্ৰীৰামপুৰত স্থাপন কৰা হৈছে আইচ’লেশ্বন চেণ্টাৰো। ট্ৰাক-বাছ বা ব্যক্তিগত বাহনত অসমলৈ অহা প্ৰতিজন লোকৰে কৰা হ’ব ক’ভিড পৰীক্ষা। ক’ভিড আক্ৰান্তসকলক এম্বুলেঞ্চযোগে নিজ নিজ জিলাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব।

ধুবুৰী জিলাৰ ছাগলীয়াতো ক’ভিড পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগ তথা প্ৰশাসনে।

Exit mobile version