Site icon Guwahati Times

টীয়কত চি আৰ পি এফৰ ক্ৰিকেট টুৰ্নামেন্ট চূড়ান্ত খেল অনুষ্ঠিত

চি আৰ পি এফ ৰ 119 বেটেলিয়ানৰ উদ্যোগত টীয়কৰ ৰজাবাৰী খেলপথাৰত জিলা ভিত্তিক আয়োজিত ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয়।মুঠ ৩৬ টাকৈ দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন টীয়ক আৰ চি চি ক্ৰিকেট দল আৰু নকছাৰী ডেভিল ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়।এক ৰোমাঞ্চকৰ অন্তত ডেভিল ক্ৰিকেট ক্লাৱে চূড়ান্ত খেলখনত বিজয়ী খিতাপ অৰ্জন কৰে।ইপিনে খেলৰ অন্তত চি আৰ পি এফ 119 বেটেলিয়ানৰ কামাণ্ডেন্ট বিকাশ কুমাৰ সিনহা, চি আৰ পি এফৰ 119 বেটেলিয়ানৰ ডেপুটি কামাণ্ডেন্ট ইকবাল আহমেদ,বিন্নমা জোচেফ,এছিছটেণ্ট কামাণ্ডেন্ট বৰ্ষা সিং, কোম্পানীৰ ইনপেক্টৰ ম: মিৰ হুছেইন চহৰীয়া,টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত তেৰাং,বিশিষ্ট শিক্ষাবিদ বিভূতি ভূষণ বৰা,টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া, বহুসংখ্যক স্থানীয় ব্যক্তি উপস্থিতত দুয়োটা দলকে বেট,বল জাৰ্চি তথা সম্পূৰ্ণ ক্ৰিকেট কীট প্ৰদান কৰে লগতে উদিয়মান খেলুৱৈসকলৰ উত্তৰুতৰ কামনা কৰে।লগতে এনে পদক্ষেপে অসামৰিক বাহিনীৰ সৈতে সাধাৰণ জনতাৰ সমন্ধ সুলভ কৰিব আৰু ক্ৰীড়াৰ পৰিবেশে সকলোৰে মাজত সম্প্ৰীতি অটুট ৰাখিব বুলি আশা কৰিছে উদ্যোক্তাসকলে।

Exit mobile version