Site icon Guwahati Times

পাকিস্তানক পৰাস্ত কৰি বিশ্বকাপত অভিযান আৰম্ভ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

দেওবাৰে পুৱা ভাৰত বনাম পাকিস্তানৰ মাজত ক্ৰিকেট মেচ। ভাৰতে আজিলৈকে বিশ্বকাপৰ ৫০ অভাৰৰ ফৰ্মেটত পাকিস্তানৰ হাতত পৰাস্ত হোৱা নাই। সেয়া মহিলা ক্ৰিকেটেই হওক বা পুৰুষেই হওক। দেওবাৰে মহিলা বিশ্বকাপ প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰি মিতালী ৰাজ এণ্ড কোম্পানীয়ে বেটিং আৰু বলিং দুয়োটা বিভাগতে আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছে। পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচত ভাৰতীয় দলে ১০৭ ৰানৰ ব্যৱধানত জয়লাভ কৰে। পাকিস্তানে ৪৩ অভাৰতে ১০ উইকেট হেৰুৱাই মাত্ৰ ১৩৭ ৰান সংগ্ৰহ কৰে।

পাকিস্তানৰ বিজয়ৰ লক্ষ্য আছিল ২৪৫৷ কিন্তু ভাৰতীয় দলৰ নিয়ন্ত্ৰিত বলিঙত পাকিস্তানী বেটচমেনে অধিপত্য বিস্তাৰ কৰিব নোৱাৰিলে। ৰাজেশ্বৰী গায়কৱাডে বলিঙত অত্যন্ত সফল হৈছে। লগতে, ঝুলন গোস্বামী, স্নেহ ৰাণাই ২টাকৈ উইকেট দখল কৰে।

Exit mobile version