Site icon Guwahati Times

৭ জুনৰ পৰা গুৱাহাটীত কাৰ্ফিউ শিথিলকৰণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

৭ জুনৰ পৰা গুৱাহাটীত কাৰ্ফিউ শিথিল কৰাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটীত ক্ৰমান্বয়ে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা কমি অহাত সান্ধ্য আইন শিথিল কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।

দিল্লীত সংবাদমেল সম্বোধন কৰি ড০ শৰ্মাই কয় — “কালি গুৱাহাটীত আক্ৰান্তৰ সংখ্যা তিনিশ আছিল। যদি শুক্ৰ, শনিবাৰৰ ভিতৰত ই দুশৰ ঘৰ পায়, তেতিয়া আমি অলপ শিথিল কৰিব পাৰিম।”

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদিও ১৫ জুনক লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছিল, তথাপি আক্ৰান্তৰ সংখ্যা হ্ৰাস পালে ৭ জুনৰ পৰা কাৰ্ফিউ শিথিলকৰণৰ কথা চিন্তা কৰিব পৰা যাব। Source: Niyomiya Barta

Exit mobile version