Site icon Guwahati Times

ভোটাৰক সজাগতাৰ লক্ষ্যৰে চাইকেল ৰেলী মুখ্য নির্বাচনী বিষয়াৰ

সমাগত বিধানসভা নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ প্রতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাডেই বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ অংশ স্বৰূপে দেওবাৰে পুৱা মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ শাখাৰ জৰিয়তে দিছপুৰ খেলপথাৰৰ পৰা আয়োজন কৰা গণতন্ত্রৰ বাবে চাইক্লোথন শীর্ষক চাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাডেই৷

ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা বহুসংখ্যক চাইক্লিষ্টৰ লগতে গুৱাহাটী মহানগীৰৰ প্রায় ডেৰ শতাধিক চাইক্লিষ্টে এই কার্যসূচীত অংশগ্রহণ কৰে৷ এইবাৰৰ ৰাজ্যিক নির্বাচনী বিষয়াৰ কার্যালয়ৰ অন্যতম দুজন ‘আইকন’ ক্রমে অভিনেতা কপিল বৰা আৰু পেৰা চাইক্লিষ্ট ৰবীন বণিকে অনুষ্ঠানত অংশগ্রহণ কৰি সকলো ৰাইজক ভোটদান গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহ্বান জনায়৷

দেওবাৰৰ এই চাইকেল ৰেলীত অংশগ্রহণ কৰে ক্রমে অতিৰিক্ত মুখ্য নির্বাচনী বিষয়া দেৱপ্রসাদ মিশ্র, পৰিবহণ আয়ুক্ত আদিল খান, যুটীয়া মুখ্য নির্বাচনী বিষয়া ডাঃ ডদয় প্রবীণ, যুটীয়া মুখ্য নির্বাচনী বিষয়া ৰাহুল চন্দ্র দাসৰ লগতে ডপ–মুখ্য নির্বাচনী বিষয়া ডিম্পল বৰুৱা, সহকাৰী মুখ্য নির্বাচনী বিষয়া পূজা পুনম গগৈকে ধৰি মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ বহুকেইজন শীর্ষ বিষয়াই৷ ৰবীন বণিকে গুৱাহাটীৰ পৰা এই সজাগতামূলক চাইকেল যাত্রা আৰম্ভ কৰিছে আৰু ৪ এপ্রিলত বকোত এই সজাগতা চাইকেল ৰেলী সমাপ্ত কৰিব৷

Exit mobile version