Site icon Guwahati Times

ডেমফুল’ আৰু ‘জানমণি’ৰ প্ৰেমৰ মধুৰ দিনবোৰ…..

‘ডেমফুল’ আৰু ‘জানমণি’ৰ প্ৰেমৰ মধুৰ দিনবোৰ, সংঘাতৰ বেদনাবোৰক লৈ কি ক’লে আজিও স্মৃতি সজীৱ কৰি ৰখা নয়ন নীলিম আৰু শ্যামন্তিকাই?

সুদীৰ্ঘ ৭ বছৰৰ মূৰত তেওঁলোকৰ হ’ল আকৌ দেখা। ২০০৩ চনৰ পৰা আৰম্ভ হোৱা এটা সম্পৰ্কই এটা দশকৰো অধিক কাল প্ৰেমৰ বান্ধোনত থকাৰ পিছত হঠাতে পৰিছিল ইতিৰেখা। প্ৰায় ৭ বছৰে নাছিল কোনো সম্পৰ্ক। তেওঁলোকৰ হ’ল আকৌ দেখা, এটা টিভি ষ্টুডিঅ’ত। হয় ইয়াত ডেমফুল আৰু জানমণিৰ সম্পৰ্কৰ কথাই কোৱা হৈছে।

অসমীয়া শ্ৰোতা–দৰ্শকৰ মনত এতিয়াও স্মৃতি সজীৱ হৈ থকা ডেমফুল আৰু জানমণিৰ প্ৰেম, সংঘাত, সংগ্ৰামৰ যাত্ৰা সকলোৱে শুনিলে। দুয়োগৰাকীয়ে ব্যক্ত কৰিলে একেলগে থকা সময়ৰ কথা, বিচ্ছেদৰ পিছৰ সময়ছোৱাৰ কথা। দুয়োৱে ক’লে- অতীতক লৈ কোনো আক্ষেপ নাই, নাই শত্ৰুতাৰ মনোভাবো।

ডেমফুল খ্যাত নয়ন নীলিমে ক’লে- প্ৰেমত অভিমান ভাল, কিন্তু জেদ বেয়া। অভিমান যেতিয়া ৩ দিনতকৈ বেছিদিন থাকিব, তেতিয়াই দুয়োপক্ষৰ মাজত সৃষ্টি হয় জেদৰ। একেদৰে শ্যামন্তিকায়ো ক’লে- জীৱনত এজন সঁচা মানুহক লগ পাইছিলোঁ, যাৰ অন্তৰ বহুত চাফা। কিন্তু তামাম জেদী আৰু খঙাল আছিল নয়ন দা।

২০০২ চনৰ ৰংমন নামৰ এখন চিনেমাৰ শ্বুটিঙৰ প্ৰথম দেখাই নয়ন নীলিমক আকৰ্ষণ কৰিছিল শ্যামন্তিকাই। আৰম্ভ হৈছিল প্ৰেম নামৰ ৰঙীন যাত্ৰা। এই বান্ধোনে মেলি দিছিল দুয়োকে সাফল্যৰ দুৱাৰ। মানুহৰ মনত পাইছিল এখন সুকীয়া আসন। কিন্তু সময়ৰ পাকচক্ৰত দুয়োৰে মাজৰ সম্পৰ্কত ফাট মেলিলে। তাৰ বহু বছৰৰ পিছত বিবাহপাশতো আৱদ্ধ হ’ল শ্যামন্তিকা।
সামাজিক মাধ্যমত নয়ন আৰু শ্যামন্তিকাৰ পুৰণি ফটো এতিয়াও ভাইৰেল। দুয়ো একেলগে হাঁহি–মাতি থকাৰ ফটো। এই সন্দৰ্ভতো তেওঁলোকে কয়- বহুতে ভাবি থকাৰ দৰে আমাৰ মাজত একো শত্ৰুতা নাই। আমি সদায়েই ইজনে সিজনৰ অনুৰাগী। এইবোৰ কথাই কেতিয়াবা দুখ দিয়ে।


সম্পৰ্ক নাথাকিলেও আজি আক্ষেপ নকৰে নয়ন নীলিমে। অভিনেতাগৰাকীৰ মতে, পৃথিৱীখন বহু বিশাল। এৰি অহা পৰিস্থিতিৰ কথা ভবাতকৈ পৃথিৱীত কৰিব লগা আৰু বহু কাম থাকে ভৱিষ্যতৰ দিনত। হয় এৰি অহা স্মৃতিৰ সুৱাসে আমনি কৰিলেও জীৱনৰ যাত্ৰাত সদায়ে সময়ৰ প্ৰত্যাহ্বান মানি ল’বলৈ আমি বাধ্য। জীৱন আগবঢ়াই নিয়াৰ মূলমন্ত্ৰ হয়তো এয়াই।

 

Exit mobile version