দৰঙ'ৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এলেকাত 134 গৰাকী লোকক হোম কোৱেৰেন্টাইন – Guwahati Times

দৰঙ’ৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এলেকাত 134 গৰাকী লোকক হোম কোৱেৰেন্টাইন

কণ আলি হাজৰিকা: দৰং:

পশ্চিম দৰঙ ৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এলেকাত 134 গৰাকী লোকক হোম কোৱেৰেন্টাইনত ৰখা হৈছে ।

স্বাস্থ্য কেণ্ড খনৰ 360 গৰাকী চিকিৎচক কৰ্মচাৰী ৰ লগতে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া আৰু পাথৰিঘাট আৰক্ষীয়ে দিনে নিশাই ক”ৰোনা প্ৰতিৰোধৰ কামত আত্মনিয়োগ কৰি আহিছে ।

এইক্ষেত্ৰত অঞ্চলটোৰ সাংবাদিক সকলৰ লগতে সহযোগ কৰিছে সচেতন ৰাইজেও

পাথৰিঘাট আৰক্ষী চকী ৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই আৰক্ষী ৰ সহযোগত আৰক্ষী চকী ৰ এলেকা ৰ 43খন গাঁৱৰ
আলি য়ে গলি য়ে লকডাউন সফল কৰাৰ কামত আত্ম নিয়োগ কৰিছে ।

আৰক্ষী বিষয়া গৰাকী য়ে নিজৰ দৰ্মহাৰ ধনেৰে লকডাউনৰ সময়ত সমাজৰ অতিকে দৰিদ্ৰ তথা বিধৰা, বিকলাঙ্গ সকলক খাদ্য সামগ্ৰীৰ যোগান ধৰে ।গাওঁ ৰক্ষী বাহিনীৰ লোক সকলৰ সহযোগত আৰক্ষী বিষয়া গৰাকী য়ে চাউল ,আটা,দাইল,মিঠাতেল ,আলু,পিয়াঁজ হালধি,বিস্কুট ৰ একোটাকৈ টোপোলা এনে দুখীয়া লোক সকলৰ মাজত ঘৰে ঘৰে গৈ বিতৰণ কৰে ।

।আন হাতে তেওঁ গাও সমুহৰ সচেতন লোক সকলৰ জৰিয়তে ৰাইজক লকডাউনৰ সময়চোৱাত ঘৰতে সোমাই থাকিবলৈ ৰাইজক বুলনি দিবলৈ অনুৰোধ জনাব ।আনহাতে
বিভিন্ন স্থানত লকডাউনৰ সময়ত আইন ভংগকাৰী বাইক আৰোহি, চুলাই মদ বেপাৰী আদিক উত্তম মধ্যমো দিয়ে ।আৰক্ষী বিষয়া গৰাকীৰ অন্নদানৰ এই মহানুভৱতাক অঞ্চল বাসীয়ে একেমুখে প্ৰশংসা কৰে ।

ইফালে দৰঙত দিল্লী নিজামুদ্দিন দৰগাহৰ পৰা অহা লোকসকল ক চিনাক্ত কৰাৰ পিচত এতিয়া জিলা খনৰ পূৱ প্ৰান্তৰ লগতে পশ্চিমাঞ্চলৰ জনসাধাৰণৰ মাজতো আতংক পৰিবেশে বিৰাজ কৰি ৰাখিছে ।

তেনে সময়তে চিকিৎসক,, চিকিৎসা কৰ্মী , চক্ৰ বিষয়া আৰক্ষী, ভি ডি পি ,সাংবাদিক গাওবুঢ়া ৰ লগতে সচেতন লোক সকলে অহৰহ অঞ্চলটোত ক’ৰোনা প্ৰতিৰোধৰ কামত আত্মনিয়োগ কৰি আহিছে ।

error: Content is protected !!