Site icon Guwahati Times

পিতৃৰ হাততে চিলাপথাৰত ধৰ্ষিতা হ’ল নাবালিকা কন্যা

লিকাবালি সীমান্ত আৰক্ষী চকীৰ অন্তৰ্গত লিকা বালি মিলন পুৰৰ জন ৰাইটয়ে (৪৫) বহুদিনৰ পৰা নিজা ১৫ বছৰীয়া কন্যা ওপৰত চলাই আহিছিল যৌন নিৰ্যাতন।
অৱশেষত তিনিমহীয়া অন্তঃসত্বা বুলি জানিব পাৰি হাহাকাৰ লাগে পৰিয়ালটোৰ মাজত। মাতৃয়ে সোধা পোছা কৰাত সমস্ত ঘটনা পোহৰলৈ আহিল। আজি ঘৃণনীয় কাৰ্য সংঘটিত কৰা স্বামী জন ৰাইটৰ বিৰুদ্ধে অভিযোগ দিবলৈ চিলাপথাৰ থানাত উপস্থিত হ’ল মাতৃ দিপালী ৰাইট। অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে। লক্ষনীয় যে অপৰাধীয়ে ইতিমধ্যে স্বীকাৰ কৰিছে নিজা অপৰাধ।

(Dainik Janambhumi)

Exit mobile version