ভয়ংকৰ হত্যাকাণ্ডই কঁপাই তুলিছে ৰাজ্যঃ কেনেদৰে পত্নী–পুত্র–মোমায়েক গুলীয়াই হত্যা কৰিছিল প্রাক্তন জোৱানে ?

0 min read

এক লোমহর্ষক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই কঁপাই তুলিছে সমগ্র ৰাজ্য৷ ডিব্রুগড়ৰ শুকানপুখুৰী আৰু বগীপুলত (কুমাৰনিছিগাৰ সমীপত) সোমবাৰে পুৱা প্রায় ১১ বজাত শূন্য দূৰত্বৰ পৰা গুলীয়াই তিনিজন লোকক হত্যা কৰি এছএছবিৰ প্রাক্তন জোৱান এজনে উদ্যত পিষ্টল লৈ পলায়ন কৰা ঘটনাই সকলোকে হতভম্ব কৰি তুলিছে৷

চহৰখনৰ আমোলাপট্টি আৰক্ষী চকীৰ অধীনৰ শুকানপুখুৰীত সঞ্জয় দাস নামৰ এছএছবিৰ প্রাক্তন জোৱান এজনে কালি শূন্য দূৰত্বৰ পৰা নিজ পত্নী, পুত্রসহ আন এজন মোমায়েকক গুলীয়াই হত্যা কৰে৷ পত্নী আৰু মোমায়েকৰ ঘটনাস্থলীতে মৃত্যু হয় যদিও পুত্রৰ চিকিৎসালয়ত সন্ধিয়া মৃত্যু হয়৷ কিয় প্রাক্তন জোৱানগৰাকীয়ে এনে কার্য সংঘটিত কৰিলে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ কেনেকৈ সংঘটিত হ’ল ঘটনাটো?

আন দিনৰ দৰে আজিও স্বাভাৱিক অৱস্থাত আছিল প্রয়াত ৰাধাগোবিন্দ দাস আৰু পদ্মা দাসৰ ঘৰখন৷ তিনি পুত্র সন্তানৰ ভিতৰত জ্যেষ্ঠ পুত্র উজ্জ্বল দাস আৰু কনিষ্ঠ পুত্র তথা হত্যাকাৰী সঞ্জয় দাস একেটা চৌহদতে দুটা পৃথক ঘৰত থাকে৷ মাজু পুত্র তথা সেনাৰ চিকিৎসক কর্মসূত্রে দিল্লীত পৰিয়ালসহ থাকে৷ প্রায় ৮ মাহৰ পূর্বে সঞ্জয়ৰ পিতৃ ৰাধাগোবিন্দ দাসৰ বিয়োগ হৈছে৷ সেয়ে উক্ত ঘৰখনত সঞ্জয়ে পত্নী আৰু একমাত্র পুত্রসহ আছাম টাইপৰ ঘৰটোৰ এটা অংশত থকাৰ বিপৰীতে আনটো অংশত মাতৃ পদ্মা দাসে নাতিনী আৰু বোৱাৰীৰ স’তে বাস কৰে৷ পুৱাৰ ভাগত সকলোৱে নিজ নিজ কামত ব্যস্ত আছিল৷

ইফালে কোনো এক কামত জ্যেষ্ঠ ককায়েক তথা জলসিঞ্চন বিভাগৰ কর্মচাৰী উজ্জ্বল ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল৷ তেনেতে সঞ্জয়ে কাষতে থকা ডাঙৰ ককায়েকৰ ঘৰলৈ যায়৷ সেই সময়ত বৌৱেক ৰেণু দাসে ভিতৰৰ কোঠাত চাহ খোৱাত ব্যস্ত আছিল৷ ৰেণু দাসে চাহ খাবা নেকি বুলি সঞ্জয়ক সোধাত নাখাওঁ বুলি কৈ মই আপোনাক মাৰিব আহিছো৷ সি ক’ত গ’ল? এনেই ধেমালি কৰা বুলি প্রথমে বৌৱেকে ভাবিছিল৷ কিন্তু এখন হাত পিছফালে থৈ কথাবোৰ কোৱাত অলপ ভয় খালে বৌৱেক ৰেণুৱে৷ আপোনাক নহয় তাকহে (ককায়েক উজ্জ্বল) লাগে বুলি কৈ সঞ্জয় বৌৱেকৰ ঘৰৰ পৰা ওলাই যায়৷ তাৰ কেইছেকেণ্ডমানৰ পিছত তিনিটা গুলীৰ শব্দ শুনা যায়৷ বৌৱেক ৰেণু নিজ ঘৰৰ পৰা ওলাই ঘাই ঘৰৰ পিছফালে যাওঁতেই পুনৰ গুলীৰ শব্দ শুনিবলৈ পায়৷ এনেতে ৰেণুৰ পুত্রই মাকক ঘৰৰ ভিতৰলৈ টানি লৈ যায় বুলি আজি ৰেণু দাসে ‘নিয়মীয়া বার্তা’ৰ আগত সদৰী কৰে৷ সেই সময়ত সঞ্জয়ৰ পত্নী স্বপ্না দাসে তিনিটা কোঠালিৰ শেষৰ কোঠাৰ ৰান্ধনীঘৰত ৰুটী তৈয়াৰ কৰাত ব্যস্ত আছিল৷ তেনেতে প্রাক্তন এছএছবিৰ জোৱান সঞ্জয়ে পিছদুৱাৰেদি প্রৱেশ কৰি কোনো প্রশ্নৰ অৱতাৰণা নকৰাকৈ শূন্য দূৰত্বৰ পৰা তেওঁৰ নিজা লাইচেঞ্চ প্রাপ্ত পইণ্ট ৩২ পিষ্টলেৰে পত্নীৰ মূৰত গুলী কৰে৷ লগে লগে পত্নী স্বপ্ণাৰ প্রাণবায়ু উৰি গৈ তেজৰ ডোঙাত পৰি ৰয়৷ ইয়াৰ পিছতে ঘৰটোৰ আনটো অংশত থকা, এসময়ত মাজু চিকিৎসক পুত্র উৎপলে ব্যৱহাৰ কৰা কোঠাটো বর্তমানে নিয়মীয়াকৈ ব্যৱহাৰ কৰি আহিছিল সঞ্জয়ৰ একমাত্র পুত্র নৱজ্যোতিয়ে৷

উক্ত কোঠাত সেই সময়ত নৱজ্যোতিয়ে আঁঠুৱা পাৰি শুই আছিল আৰু সেই নিদ্রাত থকা পুত্রৰ শৰীৰতো অতি নির্দয়ভাৱে উন্মাদ সঞ্জয়ৰ পিষ্টলৰ পৰা নির্গত হ’ল ধাৰাসাৰ গুলীবর্ষণ৷ উক্ত ঘটনা সংঘটিত কৰিয়েই সঞ্জয়ে কোন দিশেৰে পলায়ন কৰে কোনেও টলকিবই নোৱাৰিলে৷ পিছত মাক পদ্মাৰ চিঞৰ–বাখৰ শুনি প্রতিৱেশী আহি আৰক্ষীক খবৰ দিয়ে৷ ইফালে প্রথমে নিজ গৃহৰ ভিতৰতেই নিজ পত্নীসহ পুত্রক হত্যা কৰি নিজ গৃহৰ পৰা পলায়ন কৰি সঞ্জয়ে প্রায় এক কিলোমিটাৰ দূৰৈৰ বগীপুলত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষতে থকা এজন আত্মীয় তথা মোমায়েক ঘনকান্ত হাজৰিকাকো শূন্য দূৰত্বৰ পৰা গুলীয়াই পলাই যায়৷ ঘনকান্ত হাজৰিকাৰ ঘৰৰ চৌহদতে এখন দোকান আছে৷ সেই সময়ত ঘনকান্ত হাজৰিকা পত্নীৰ স’তে ঘৰতে আছিল৷ উন্মাদ ঘাতক সঞ্জয়ে ঘনকান্ত হাজৰিকাৰ স’তে কিছু কথা আছে বুলি জনায় আৰু দোকানৰ কাষলৈ মাতি লৈ যায়৷ ইপিনে ঘনকান্তৰ পত্নীয়ে গা ধুবলৈ যায়৷ বাথৰুমত সোমাইছে মাত্র৷ হঠাৎ গুলীৰ দৰে শব্দ শুনিবলৈ পালে৷ প্রথমে ৰাস্তাত কোনো দুর্ঘটনা হৈছে বুলি ভাবিয়েই বাথৰুমৰ পৰা ওলাই আহিছিল আৰু দৌৰি আহি দেখে যে ঘনকান্ত মাটিত তেজৰ ডোঙাত পৰি আছে৷ তেতিয়া কাষত সঞ্জয় নাছিল৷ এনেদৰেই তিনিজনকৈ লোকক গুলী কৰি হাতত উদ্যত পিষ্টল লৈ পলায়ন কৰা ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে৷

ডিব্রুগড চহৰৰ দাঁতিকাষৰীয়া শুকানপুখুৰী আৰু বগীপুলত হোৱা এই নাৰকীয় ঘটনাই সকলোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে মূৰত গুলী লগা পত্নী স্বপ্ণা দাস আৰু আত্মীয় ককায়েক ঘনকান্ত হাজৰিকাৰ মৃত্যু হৈছে৷ডিব্রু মহাবিদ্যালয়ৰ কলা শাখাৰ তৃতীয় ষাণ্মাসিকৰ ছাত্র নৱজ্যোতি দাসৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷ নৱজ্যোতিক অসম মেডিকেল কলেজত ভর্তি কৰোৱা হয় যদিও সন্ধিয়া মৃত্যু হয়৷ সঞ্জয়ে কিয় এনেদৰে ইজনৰ পিছত সিজন পৰিয়ালৰ লোক তথা আত্মীয়ক গুলীয়ালে, সেই তথ্য বর্তমানলৈকে উদ্ধাৰ হোৱা নাই যদিও মদ আৰু ডবলগুটি জুৱাৰ প্রতি দুর্বাৰ আসক্ত হোৱাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে৷

ইতিমধ্যে এই ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র ৰাজ্যত৷ জানিব পৰা মতে সঞ্জয়ৰ জুৱা আৰু সুৰাৰ প্রতি আসক্ত আছিল আৰু কিছুদিনৰ পূর্বে এখন বিলাসী গাডী জুৱাত হেৰুৱাব লগা হৈছিল৷ ইফালে আন এক সূত্রই সদৰী কৰা মতে প্রায় ৮ বছৰৰ পূর্বে স্বেচ্ছামূলক অৱসৰ লোৱা এছএছবিৰ জোৱান সঞ্জয়ে অৱসৰৰ সময়ত প্রায় ৩২ লাখ টকা লাভ কৰিছিল৷ সেই টকা বহু লোকক ধাৰ হিচাপে দি থৈছিল৷ হয়তো সেই টকাক লৈয়ো হোৱা সংঘাতে তীব্রতৰ ৰূপ লয়৷ ফলত এনে ঘটনাৰ অৱতাৰণা হয় বুলি ধাৰণা কৰা হৈছে৷

অধিক পঢক: নিয়মীয়া বাৰ্তাত

You May Also Like

More From Author