Site icon Guwahati Times

ডিগবৈত আঙুলিত গজাল মাৰি চাৰি বছৰীয়া সন্তানক শাস্তি

পিতৃৰ নিৰ্মম অত্যাচাৰৰ বলি এটি চাৰি বছৰীয়া কণমানি। শিশুটিৰ হাত–ভৰি পান্ধি আঙুলিত গজাল সুমুৱাই শাস্তি দিলে পিতৃয়ে। ডিগবৈ হাস্পতাল তিলাৰ বাসিন্দা সন্তোষ দেৱনাথ নামৰ লোকজনে সংঘটিত কৰিলে এই অমানৱীয় ঘটনা।

অভিযোগ অনুসৰি, অবৈধ প্ৰেমৰ পৰিণতিত জন্ম হৈছিল এই কণমানিটো। তিনিচুকীয়া শিশু সুৰক্ষা স্থানৰ পৰা পিতৃয়ে নিজা বাস গৃহলৈ নিজে লৈ অনাৰ পাছতেই শিশুটিৰ ওপৰত আৰম্ভ কৰে অত্যাচাৰ। ডিগবৈ আৰক্ষীয়ে আটক কৰি গোচৰ ৰুজু কৰিছে অভিযুক্ত সন্তোষ দেৱনাথৰ বিৰুদ্ধে।

Exit mobile version