Site icon Guwahati Times

ইন্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত হ’ল ডিব্ৰুগড়ৰ সঞ্জয় দাসৰ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ যুৱক সঞ্জয় দাস। ডিব্ৰুগড় জিলাৰ সঞ্জয় দাসে ২৪ ঘণ্টাত বিশ্বৰ ২৬খন আগশাৰীৰ শিক্ষানষ্ঠাৰ পৰা চাৰ্টিফিকেট লাভ কৰি ইন্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয়।

ইন্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হোৱা সঞ্জয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম বি এ আৰু বি টেক ডিগ্ৰী লাভ কৰিছিল। সম্প্ৰতি তেওঁ বাংগালুৰুত কৰ্মৰত।

উল্লেখযোগ্য যে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু অসম বুক অৱ ৰেকৰ্ডছতো মাত্ৰ এদিনতে ২৬খনকৈ চাৰ্টিফিকেট লাভ কৰি নিজৰ নাম তালিকাভুক্ত কৰিবলৈ মেধাৱী ছাত্ৰ সঞ্জয়ে সক্ষম হৈছিল। তেওঁৰ এই সাফল্যই অসমৰ লগতে জন্মস্থান ডিব্ৰুগড়তো আনন্দৰ বন্যা বোৱাইছে।

Exit mobile version