Site icon Guwahati Times

ডি চি ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণিঃ বিজয়ীৰ খিতাপ সমীৰ একাদশৰ

গুৱাহাটীঃ দাৰান্ধা ক্লাৱৰ উদ্যোগত তথা গুৱাহাটী টাইমছৰ সহযোগত মহানগৰীৰ কৃষি খেলপথাৰ অনুষ্ঠিত হোৱা ডি চি ক্ৰিকেট প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে ফাইনেল খেল অনুষ্ঠিত হয়। এই চূড়ান্ত খেলৰ পূৰ্বে ভৃগু কাশ্যপৰ টীম (Artists 11) বনাম বিকাশ ছেত্ৰীৰ টীম (YouTube’s 11) ৰ মাজত হয় এখন প্ৰীতি খেল।

ইপিনে ফাইনেলত বিজয়ী খিতাপ দখল কৰি টীম সমীৰ একাদশে ট্ৰফিৰ সৈতে নগদ ৬০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰে। আৰু টীম ফ্ৰেণ্ডছ একাদশ ষ্টাৰে প্ৰথম ৰানাৰ্ছআপৰ খিতাপ দখল কৰি ৩০,০০০ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে।

উল্লেখ্য যে ১৪ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ ছয়মাইলৰ কৃষি সঞ্চালকালয়ৰ খেলপথাৰত আৰম্ভ হোৱা প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২৫টা দলে অংশগ্ৰহণ কৰিছিল।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশেষ অতিথি ভৃগু কাশ্যপে কয় যে, “আজি আমি শিল্পী আৰু ইউটিউবাৰৰ মাজত প্ৰীতি মেচ খেলিলোঁ। লগতে উদ্যোগতাসকল এই পদক্ষেপ সঁচাই প্ৰশংসনীয় আৰু এইদৰেই আমি আমাৰ মাজত নতুন ক্ৰীড়া প্ৰতিভা আৱিষ্কাৰ কৰিব পাৰোঁ। ইয়াৰ পৰাই এদিন আমি আবু নেছিম, ৰিয়ান পৰাগৰ দৰে প্ৰতিভাবান ভাল খেলুৱৈৰ বিচাৰি পাম।”

Exit mobile version