Site icon Guwahati Times

প্লাষ্টিকৰ মোনাৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ!

মুম্বাইত ভয়ংকৰ ঘটনা, প্লাষ্টিকৰ মোনাৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ

মুম্বাইৰ লালবাগ অঞ্চলত বুধবাৰে প্লাষ্টিকৰ মোনাৰ ভিতৰত উদ্ধাৰ কৰে এগৰাকী মহিলাৰ মৃতদেহ। ৫৩ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মৃতদেহটো কেইবামাহ ধৰি এটা আলমাৰীত ৰখা হৈছিল বুলি কয় আৰক্ষীয়ে।

২১ বছৰীয়া মহিলাগৰাকীৰ জীয়াৰীক সোধা-পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে। বৰ্তমান মৃত মহিলাগৰাকীৰ জীয়াৰীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

মৃত মহিলাগৰাকীৰ ভায়েক আৰু ভতিজাই মঙলবাৰে কালাচৌকী আৰক্ষী থানাত নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল। তাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। তদন্তৰ প্ৰথম অৱস্থাতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

Exit mobile version