Microfinance-ৰ ঋণ ৰেহাই : কি ক’লে দেৱব্ৰত শইকীয়াই

1 min read

মাইক্ৰ’ফাইনেঞ্চ (Microfinance)ৰ ঋণ ৰেহাই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, ড০ হিমন্ত বিশ্ব শৰ্মা(DR. HIMANTA BISWA SARMA)ই নিৰ্বাচনী সভাত দিয়া ভাষণ মাথোঁ এটা “ৰাজনৈতিক বিবৃতি আছিল, কোনো চৰকাৰী বিবৃতি” নহয় বুলি কৰা মন্তব্য অত্যন্ত নিন্দনীয় । এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰাতো মুঠেও গ্ৰহণযোগ্য নহয় বুলি কৈ সমালোচনা কৰে ।

তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেৱল ঋণ ৰেহাইক এক আকৰ্ষণীয় নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰাই নহয়, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতো বিধানসভাত আশ্বাস দিছিল যে মহিলা সকলক মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই সম্বন্ধে দিয়া প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে পালন কৰা হ’ব । গতিকে সেই প্ৰতিশ্ৰুতি এতিয়া কেনেকৈ মাথো এটা ‘ৰাজনৈতিক বিবৃতি’ হৈ পৰিল বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । পুনৰ নিৰ্বাচনৰ পূৰ্বৰ সময়ৰ কথা দোহাৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে, মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা লাখ লাখ মহিলাই ভাল দিন অহাৰ আশাত বিজেপিৰ নিৰ্বাচনী সভাত উপস্থিত হৈছিল আৰু তেতিয়াৰ বিত্ত মন্ত্ৰীগৰাকীৰ আশ্বাসক ‘শিলৰ ৰেখা’ বুলি বিশ্বাস কৰিছিল ।

কিন্তু সেই সময়ত ঋণ ৰেহাই ক্ষেত্রত কিছুমান নিৰ্দেশনা প্ৰযোজ্য হ’ব বুলি এই মহিলাসকলক অৱগত কৰা হোৱা নাছিল । এতিয়া এই নিৰ্দেশনাসমূহৰ ফলত লাখ লাখ মহিলা এই সুবিধাৰ পৰা বঞ্চিত হ’ব বুলি তেওঁ মন্তব্য কৰে । বিজেপিয়ে মিছা প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰিয়েই ক্ষমতা আহৰণ কৰি আহিছে বুলি অভিযোগ তুলি তেওঁ কয় যে, ভোটাৰসকলে প্ৰতিজন নাগৰিকৰ বেংক একাউণ্টত ১৫ লাখ টকাৰ সোমাব বুলি গেৰুৱা দলটোৱে দিয়া প্ৰতিশ্ৰুতি পাহৰিব নালাগে । তেনেদৰে নিবনুৱা যুৱক-যুৱতীসকলেও বছৰি ২ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি পাহৰিব নালাগে ।

আনহাতে, চাহ শ্ৰমিকৰ দৈনিক মজুৰি সন্দৰ্ভত শইকীয়াই কয় যে, দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিব বুলি দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি পালন নকৰি বিজেপিয়ে চাহ বাগিচাৰ শ্ৰমিকক বিশ্বাসঘাতকতা কৰিছে । চাহ শ্ৰমিকে এই চৰম বিশ্বাসঘাতকতাক পাহৰিব নালাগে বুলি তেওঁ সোঁৱৰাই দিয়ে । লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ দেৱব্ৰত শইকীয়াই অভিযোগ তোলে যে, বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰক মাথোঁ এক ইভেণ্ট মেনেজমেণ্ট হিচাপে ব্যৱহাৰ কৰিছে, য’ত ৰাইজক একত্ৰিত কৰি দলটোৰ মিছা প্ৰতিশ্ৰুতি শুনোৱা হয় । তেওঁ কয় যে, দৰাচলতে তেওঁলোকৰ বাবে ঋণ ৰেহাই আছিল এটা নিৰ্বাচনী টোপ মাথোঁ, যিটো তেওঁলোকৰ এজন জ্যেষ্ঠ মন্ত্ৰীয়ে স্বীকাৰ কৰিছে ।

এতিয়া অসমৰ মহিলাসকলে ঋণ লোৱা সকলো মহিলাৰ ঋণ মাফ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওলোটা খৰক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে বিজেপিৰ শক্তিশালী মন্ত্ৰীজনৰ নিৰ্বাচনী ভাষণত বিশ্বাস ৰখাৰ বাবে আজি চৰম বিপদত পৰিছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দাবী কৰে যে, ৰাজ্য চৰকাৰে ঋণ লোৱা মহিলাৰ মুঠ সংখ্যা, চৰকাৰে দিয়া বিভিন্ন নিৰ্দেশনা অনুসৰি কিমান গৰাকী মহিলাই ঋণ ৰেহাইৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব আৰু তেওঁলোকৰ নিৰ্দেশনা অনুসৰি কিমান গৰাকী মহিলাই ঋণ ৰেহাই সুবিধাৰ পৰা বঞ্চিত হ’ব, সেই সন্দৰ্ভত তৎক্ষণাৎ এখন শ্বেতপত্ৰ দাখিল কৰিব লাগে । অসম কংগ্ৰেছ কমিটীৰ এই দাবী চৰকাৰে কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

You May Also Like

More From Author