Debate Competition at MSSV, Nagaon to be held on 27th March 2019

1 min read

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী গোটৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত দ্বিতীয় বাৰৰ বাবে আন্তঃ বিশ্ববিদ্যালয়/মহাবিদ্যালয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাখন আয়োজন কৰা হব, অহা মাৰ্চ মাহৰ ২৭ তাৰিখে বিশ্ববিদ্যালয়খনৰ নগাঁও চৌহদত “ অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণে অসমৰ খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব ” শীৰ্ষক বিষয়ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে উদ্বোধন কৰিব লগা প্ৰতিযোগিতাখনত অধ্যক্ষতা কৰিব অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে ৷ প্ৰতিযোগিতাৰ সৱিশেষ জানিবলৈ ৮৬৩৮৯০৯১০৩, ৭০০২৪৩১০১৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.mssv.co.in লগইন কৰিব পাৰিব বুলিও আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ৷লগতে আয়োজক কমিটিয়ে Guwahati Times ক Media সহযোগি হিচাপে ৰাখিছে বুলিও জানিব দিয়ে। #mssv #mssvn #nagaon #assam

নগাঁৱৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

You May Also Like

More From Author