Site icon Guwahati Times

পথাৰত নামিল বিধায়ক মেহবুব মুক্তাৰ; সমষ্টিৰ লোকৰ সৈতে ভূঁই ৰুলে বিধায়কজনে

গুৱাহাটী : ধিঙৰ বিধায়ক মেহবুব মুক্তাৰৰ পথাৰত ভূঁই ৰোৱা আৰু পুখুৰীৰ পাৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি থকা কেইখনমান ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।ছবিসমূহত মেহবুব মুক্তাৰক সমষ্টিৰ লোকসকলৰ সৈতে পথাৰত নামি ভূঁই ৰুই থকা দেখা গৈছে। আন এখন ছবিত তেওঁ পথাৰত কিছু সময় কটোৱাৰ পিছত পুখুৰীৰ পাৰত বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি থকা দেখা গৈছে।সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ থকাৰ বাবে মেহবুব মুক্তাৰক প্ৰায়ে সাধাৰণ লোকৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰা দেখা যায়।

নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বৰে পৰা তেওঁ আৰ্থিকভাৱে সুপ্ৰতিষ্ঠিত আছিল বুলি জানিব পৰা যায়। কিন্তু আৰ্থিকভাৱে সুপ্ৰতিষ্ঠিত হোৱাৰ পিছতো তেওঁৰ জীৱন-যাপন অতি সাধাৰণ আৰু মাটিৰ সৈতে সংলগ্ন। তেওঁ সৰলভাৱে জীৱন কটাবলৈ ভাল পায় আৰু সাধাৰণ লোকৰ সৈতে একাত্ম হৈ থাকিবলৈ সদায় আগ্ৰহী। বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো তেওঁ বিভিন্ন সামাজিক কাম-কাজ আৰু জনসাধাৰণৰ সৈতে পোনপটীয়া সম্পৰ্ক অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে, এই ছবিসমূহ মেহবুব মুক্তাৰে নিজে ছ’চিয়েল মিডিয়াত আপলোড কৰা নাছিল। ধিঙ সমষ্টিৰ স্থানীয় লোকসকলে ছবিসমূহ তুলি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। অৱশ্যে ছবিসমূহ কেতিয়া তোলা হৈছিল সেয়া স্বতন্ত্ৰভাৱে নিশ্চিত কৰিব পৰা হোৱা নাই। ছবিসমূহ শেহতীয়াকৈ তোলা নে পূৰ্বৰ কোনো সময়ৰ, সেয়াও স্পষ্ট হোৱা নাই।ফেচবুকত ছবিসমূহ শ্বেয়াৰ কৰি জামিল হুছেইনে লিখিছে, “আমি এনে এজন বিধায়ক লাভ কৰি সৌভাগ্যৱান। তেওঁ সঁচাকৈয়ে ৰাইজৰ প্ৰয়োজন আৰু অভাৱ-অভিযোগ বুজি পায়। তেওঁ এগৰাকী প্ৰকৃত জননেতা।”ছবিসমূহ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হোৱাৰ পিছতে স্থানীয় লোকসকলৰ মাজতো চৰ্চা লাভ কৰিছে। বহুতে বিধায়কগৰাকীৰ সৈতে ৰাইজৰ পোনপটীয়া সম্পৰ্ক আৰু কৃষিকাৰ্যত অংশগ্ৰহণৰ প্ৰশংসা কৰিছে।

Exit mobile version