Site icon Guwahati Times

ধিঙৰ লালুং গাঁৱত কৃত্ৰিম বানৰ ভয়াৱহ পৰিস্থিতি, পৰিদৰ্শন বিধায়ক মেহবুব মুক্তাৰৰ

নগাঁও: ধিঙ বিধানসভা সমষ্টিৰ ধনীয়াভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত লালুং গাঁৱত কৃত্ৰিম বানপানীৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰে বিধায়ক মেহবুব মুক্তাৰে।

বিধায়কগৰাকীয়ে আজি অঞ্চলটোত উপস্থিত হৈ বানপানীৰ পৰিস্থিতি নিজে প্ৰত্যক্ষ কৰে। কৃত্ৰিম বানপানীৰ ফলত গাঁওখনৰ বাট-পথ পানীত বুৰ যোৱাৰ লগতে ৰাইজৰ স্বাভাৱিক জনজীৱন ব্যাহত হোৱা বুলি তেওঁ উল্লেখ কৰে।

পৰিদৰ্শনৰ পিছত মুক্তাৰে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ সৈতে জৰুৰীভাৱে আলোচনা কৰি সমস্যাটোৰ শীঘ্ৰে সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ৰাইজৰ দুৰ্দশাত গভীৰভাৱে মৰ্মাহত হোৱা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে দুৰ্যোগৰ সময়ত লালুং গাঁৱৰ ৰাইজ অকলশৰীয়া নহয় আৰু তেওঁ সদায় ৰাইজৰ কাষত থাকিব।

তেওঁ কৃত্ৰিম বানপানীৰ সমস্যাৰ পৰা অঞ্চলটোক মুক্ত কৰাৰ বাবে দায়বদ্ধতাৰে কাম কৰাৰ আশ্বাস দিয়ে।

Exit mobile version