Site icon Guwahati Times

খেলি থকা অৱস্থাতেই পুখুৰীত পৰি সলিল সমাধি ১০ বছৰীয়া শিশুৰ…

ধুবুৰী ৰেলৱে ষ্টেচনৰ কাষত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। খেলি থকা অৱস্থাত পুখুৰীত পৰি অকাল মৃত্যুক সাৱটিলে এটি ১০ বছৰীয়া কণমাণি শিশুৱে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে শনিবাৰে আবেলি ৪ বজাৰ পৰা সন্ধানহীন হৈ আছিল কনমণি শিশুটি। পৰৱৰ্তী সময়ত ধুবুৰী ৰেলৱে ষ্টেচনৰ কাষৰ পুখুৰীৰ সন্মুখত শিশুটিক প্ৰত্যক্ষ কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে পৰিয়ালৰ লোকক জনোৱাৰ পিছত নিশাই এচ ডি আৰ এফ বাহিনীয়ে অভিযান আৰম্ভ কৰে যদিও শিশুটিক উদ্ধাৰ কৰাত বিফল হয়। দেওবাৰে পুৱা পুনৰ অভিযান চলাই শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে এচ ডি আৰ এফ বাহিনীয়ে।

গোলাকগঞ্জ কামাৰটাৰীৰ তৃতীয় শ্ৰেণীত অধ্যয়ণৰত শিশুটি ধুবুৰীস্থিত মোমায়েকৰ ঘৰলৈ ডাক্তৰক দেখুৱাবলৈ আহিছিল। শনিবাৰে বিয়লি খেলি থকা অৱস্থাতেই শিশুটি পুখুৰীত পৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

ধুবুৰী আৰক্ষীয়ে উদ্ধাৰকৃত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

Exit mobile version