Site icon Guwahati Times

ধুবুৰীৰ ধৰ্ষণকাণ্ডক লৈ প্ৰতিবাদ আমছু, এবিএমছুৰ

ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড  ৷ এইবাৰ আৰক্ষীৰ পৰিচয় দি চাৰি পাষণ্ডই কৰিলে ষোল্ল বছৰীয়া দুই কিশোৰীক ধৰ্ষণ ৷ এই ঘটনা সংঘটিত হৈছে বি টি আৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও আৰক্ষী থানাৰ ৰূপচী আৰক্ষী চকীৰ অন্তৰ্গত কুৰ্শাকাটি অঞ্চলত। ইতিমধ্যে আমছু আৰু এবিএমছুয়ে দোষীক কৰায়ক্ত কৰি উচিত শাস্তিৰ দাবীত ৰূপচী আৰক্ষী চকীত প্ৰতিবাদ সাব্যস্ত কৰে  ৷

চালকজনৰ চিঞৰ বাখৰ শুনি স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী দুগৰাকীক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীৰ পৰিচয় দি গাড়ীৰ নথি পৰীক্ষা কৰা দীপক ৰায় নামৰ যুৱকজনক আটক কৰি উত্তম মাধ্যম সোধাই ৰূপচী আৰক্ষীক গতাই দিয়ে । অৱশ্যে আন তিনিজন পাষণ্ড চালকজনৰ চিঞৰ শুনাৰ লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

Exit mobile version