Site icon Guwahati Times

টিভিৰ সন্মুখত বেছি সময় বহিলেও বৃদ্ধি পাব পাৰে ডায়েবেটিছ

ডায়েবেটিছ ইমানেই বেয়া অসুখ যে নিয়ন্ত্ৰণত নাথাকিলে শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ-প্ৰতংগ সময়ৰ লগে লগে নষ্ট হোৱাৰ সম্ভাৱনা প্ৰৱল৷ কৰ’না সংক্ৰমণ ঘটোৱাত আৰু ক’ভিডত মৃত্যুৰ হাৰ বৃদ্ধিত অনিয়ন্ত্ৰিত ডায়েবেটিছে বিশেষ ভূমিকা লোৱা বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷ এই ৰোগৰ প্ৰৱণতা থাকিলে শুই-বহি থকা, বেছি ওজন, মানসিক চাপ ইত্যাদি যিমান ক্ষতিকাৰক ঠিক সিমানেই ক্ষতিকাৰক সাধাৰণৰ কিছু অভ্যাস৷ যিয়ে নজানকৈয়ে আমাৰ জীৱনৰ অংগ হৈ গৈছে৷ যেনে টিভি চোৱা, পানী খোৱা বা মাজে সময়ে নোখোৱাকৈ থকা আদি৷ ক্ৰমাৎ এই তালিকাত সংযুক্ত হৈছে আৰু এটা নাম৷ সতৰ্ক কৰি দিছে হৰমণ বিশেষজ্ঞসকলে ৷ ডায়েবেটিছৰ প্ৰৱণতা যদি থাকে এই অভ্যাস চলি থাকিলে যিকোনো সময়তে য’তে ত’তে এই বেমাৰ হ’ব পাৰে, বৃদ্ধি পাব পাৰে ৰোগৰ প্ৰকোপ৷ সেয়েহে সাৱধান হোৱা উচিত৷

Exit mobile version