Site icon Guwahati Times

৫ দিনৰ আৰক্ষীৰ জিম্মালৈ দিবন ডেকা:বিজেপিৰ প্ৰাথমিক সদস্যৰ পদৰ পৰা নিলম্বন

গুৱাহাটী: ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ এছ আই কেলেংকাৰীৰ অন্যতম খলনায়ক দিবন ডেকা।ইতিমধ্যে আদালতৰ পৰা ক্ৰাইম ব্ৰাঞ্চে নিজৰ জিম্মাত লৈছে দিবন ডেকাক।


জানিব পৰা মতে,আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল দিবন ডেকাক।বুধবাৰৰ নিশা পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দিবন ডেকাক।দিবন ডেকাক আৰক্ষীৰ বিশেষ শাখাৰ এছ অ ইউৰ লকআপত ৰখোৱা হৈছিল।

তাৰপাছত দিবন ডেকাক হাজিৰ কৰোৱা হৈছিল আদালতত।৬ অক্টোবৰত দিবন ডেকাক পুনৰ আদালতত হাজিৰ কৰা হ’ব।


উল্লেখযোগ্য যে,বিজেপিৰ প্ৰাথমিক সদস্যৰ পদৰপৰা দিবন ডেকাক নিলম্বন কৰা হৈছে।সংবাদমেলযোগে এই কথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে প্ৰকাশ কৰিছে।

Exit mobile version