Site icon Guwahati Times

ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহ ঘেৰাও কৰি আছুৰ প্ৰতিবাদ

অপৰাধ আৰু মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হোৱা সময়তে বুধাবৰে বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহ ঘেৰাও কৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি চৰকাৰে ভূমি-মাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি ডিব্ৰুগড়ৰ পূৱ আৰু পশ্চিম ৰাজহ চক্ৰ কাৰ্যালয়ত প্ৰতিবাদ আছুৰ । ডিব্ৰুগড় আৰু বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত পূৱ আৰু পশ্চিম ৰাজহ চক্ৰৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । আছুৰ নেতৃত্বই অভিযোগ কৰি কয় যে, ডিব্ৰুগড়ৰ পূৱ আৰু পশ্চিম ৰাজহ চক্ৰৰ কাৰ্যালয়ত দালালৰ দপদপনি বৃদ্ধি পাইছে । সাধাৰণ শ্ৰেণীৰ লোকসকলৰ কাম-কাজত চূড়ান্ত ব্যাঘাত জন্মিছে । প্ৰতিটো কামতে কমিছনৰাজ চলে । লাট মণ্ডলৰ পৰা আৰম্ভ কৰি কৰ্মচাৰী সকললৈকে এই কমিছনৰ অংকত ব্যস্ত থাকে । ৰাজহ চক্ৰ কাৰ্যালয়ত কমিছনৰাজ বন্ধ হ’ব লাগিব । আন পিনে চাবুৱা আৰু টিংখাঙৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু চাবুৱা ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৰে আছুৱে । টিংখাঙৰ আছু কৰ্মী সকলে ৰাজগড় আছুৰ কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে। টিংখাঙৰ স্বাস্থ্যসেৱা, পশুপালন, শিক্ষা ব্যৱস্থাত থকা বিভিন্ন সমস্যাৰ লগতে বুঢ়ীদিহিং আৰু দিচাং নদীৰ ভয়াৱহ গৰাখহনীয়া সমস্যা আদি অতি সোনকালে সমাধান কৰিবৰ বাবে টিংখাং আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই টিংখাং ৰাজহ চক্ৰ বিষয়াৰ যোগেদি পৃথকে পৃথকে ডিব্ৰুগড় জিলা উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
Exit mobile version