Site icon Guwahati Times

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ বক্ষত নিখোজ ভাই-ককাই

ডিব্ৰুগড়ৰ মোহনাঘাটত শোকাবহ দুখজনক ঘটনা। নিজ মাতৃৰ শ্ৰাদ্ধৰ পিণ্ড দিবলৈ গৈ দুই ভাই-ককাইৰ মৃত্যু। ব্ৰহ্মপুত্ৰত পিণ্ড দিবলৈ গৈ ডিব্ৰুগড় চহৰৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ দুই যুৱক। চহৰৰ আমোলাপট্টী চাৰিআলিৰ সমীপৰ আছিল দুয়োজন যুৱক। ঘটনাস্থলীত এছ ডি আৰ এফ উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে যদিও অনন্ত কাকতি আৰু দিগন্ত কাকতিৰ কোনো সন্ধান পোৱা নাই। মাতৃৰ ছয়মহীয়া সকামৰ পিণ্ড দিবলৈ গৈ নিখোঁজ দুই ভাতৃ। জানিব পৰা মতে পুৱাৰ ভাগত নিজ প্ৰয়াত মাতৃৰ ছয়মহীয়া শ্ৰাদ্ধ উপলক্ষে আমোলাপট্টী নিজ গৃহত বৈদিক পৰম্পৰা অনুসৰি নীতি নিয়ম কৰাৰ পাছত বোৱতী নদীত পিণ্ড দিয়াৰ বাবে নদীলৈ দুই ভাতৃ দিগন্ত কাকতি আৰু অনন্ত কাকতিসহ দিগন্ত কাকতিৰ কন্যা গৈছিল। অনন্ত কাকতি পানীত নমাৰ মুহূৰ্ত্ততে ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে উটুৱাই লৈ যায়। আত্মৰক্ষাৰ বাবে চিঞৰা সময়তেই জেষ্ঠ ভাতৃ দিগন্ত কাকতিয়ে ভাতৃক ৰক্ষা কৰাৰ বাবে পানীত জঁপিয়ায়। কিন্তু দুৰ্ভাগ্যবশতঃ দুয়োজনেই নদীৰ সোঁতত বিলিন হৈ সন্ধানহীন হয়। আনহাতে পাৰতে থকা কণমানি কন্যাই চিঞৰ-বাখৰ কৰাত স্হানীয় লোকে উদ্ধাৰৰ চেষ্টা কৰে যদিও সন্ধান লাভ কৰা নাই। SDRF বাহিনীয়ে নদীৰ বুকুত প্ৰায় তিনি ঘণ্টা পাছত পলমকৈ উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে যদিও কোনো সন্ধান পোৱা নাই।

Exit mobile version