আকৌ লজ্জানত হ’ল ডিব্রুগড় বিশ্ববিদ্যালয়৷ উপাচার্য–পঞ্জীয়কৰ সীমাহীন দুর্নীতিয়ে কলংকিত কৰি তোলা বিশ্ববিদ্যালয়খনক এইবাৰ লজ্জানত কৰিছে এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ কু–কীর্তিয়ে৷ অধ্যাপকগৰাকীয়ে বিগত পাঁচ বছৰ ধৰি ছাত্রী আৰু মহিলা কর্মচাৰীৰ ওপৰত চলাই অহা যৌন আতিশয্যৰ ক’লা অধ্যায় শেহতীয়াকৈ পোহৰলৈ আহিছে৷ যি ঘটনাই জোকাৰি গৈছে অসমৰ উচ্চ শিক্ষা জগতখন৷ ইতিমধ্যে ভুক্তভোগী ছাত্রী আৰু কর্মচাৰীয়ে বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ কমিটীত অভিযোগ দাখিল কৰিছে যদিও ৰহস্যজনকভাৱে নির্বিকাৰ হৈ ৰৈছে ডিব্রুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষ৷ ইয়াৰ পূর্বেও বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগৰ অধ্যাপক ডম্বৰুধৰ নাথৰ বিৰুদ্ধে ছাত্রীয়ে যৌন নির্যাতনৰ গোচৰ তৰিছিল৷ কিন্তু অভিযুক্ত অধ্যাপকগৰাকীক শাস্তি প্রদানৰ বিপৰীতে চৰকাৰে তেওঁক মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে নিযুক্তি দি পুৰস্কৃতহে কৰিলে৷
এইবাৰো ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্রতিষ্ঠানখনত অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ উপক্রম হৈছে৷ ডিব্রুগড় বিশ্ববিদ্যালয়ত নতুনকৈ কলংকৰ মচিব নোৱাৰা দাগ লগোৱা ব্যক্তিগৰাকী হৈছে অসমীয়া বিভাগৰ অধ্যাপক ড০ সত্যকাম বৰঠাকুৰ৷ শৈক্ষিক জগতত সততে নিজৰ নিকা ভাবমূর্তিৰ বিজ্ঞাপন দি অহা এইগৰাকী অধ্যাপকে পাঁচ বছৰ আগৰে পৰা ৰচি আহিছিল কু–কীর্তিৰ নিত্য নতুন ইতিহাস৷ কিন্তু প্রলোভন আৰু ভাবুকিৰ ভয়ত বহুতেই তেওঁৰ বিৰুদ্ধে মুখ খোলাৰ পৰা বিৰত আছিল৷ অৱশেষত ড০ সত্যকাম বৰঠাকুৰৰ নির্লজ্জ কার্যকলাপে সকলো সীমা অতিক্রম কৰাৰ পাছত তিনিগৰাকীকৈ ছাত্রী আৰু মহিলা কর্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছে৷
প্রাপ্ত অভিযোগ অনুসৰি, ২০১৬ চনৰ পৰাই এইগৰাকী অধ্যাপকে তেওঁৰ অধীনত গৱেষণা কৰা এগৰাকী ছাত্রীক দি আহিছিল অশালীন প্রস্তাৱ৷ ঘটনাৰ আৰম্ভণি ঘটিছিল ২০১৬ চনৰ গুৱাহাটী গ্রন্থমেলাৰ সময়ত৷ সেই সময়ত অধ্যাপক ড০ বৰঠাকুৰ আছিল গুৱাহাটীৰ এখন হোটেলত৷ একে সময়ত গৱেষিকা ছাত্রীগৰাকীও নিজৰ গৱেষণা সংক্রান্তত গুৱাহাটীৰ এটা আর্কাইভলৈ আহিছিল৷ এই কথা জানিব পাৰি ড০ বৰঠাকুৰে ছাত্রীগৰাকীক হোটেলৰ কোঠালৈ বাৰম্বাৰ আমন্ত্রণ জনায়৷ কিন্তু তেওঁৰ কু–ভিপ্রায়ৰ কথা জানিব পাৰি ছাত্রীগৰাকীয়ে সেই আমন্ত্রণ প্রত্যাখ্যান কৰে৷ ইয়াৰ পাছত ডিব্রুগড়লৈ উভতি যোৱাৰ পাছত অধ্যাপকগৰাকীয়ে ঘনে ঘনে অশালীন প্রস্তাৱ দিবলৈ আৰম্ভ কৰে৷ গৱেষিকা ছাত্রীগৰাকীক নিজৰ বিভাগত সাক্ষাৎ কৰাৰ সলনি সন্ধিয়া সময়ত গণ সংযোগ বিভাগত থকা নিজৰ কোঠালৈহে মাতি পঠিয়াবলৈ লয়৷ উপায়বিহীন হৈ ছাত্রীগৰাকী নিজৰ গৱেষণাৰ অগ্রগতিৰ বিষয়ে জনাবলৈ গণ সংযোগ বিভাগলৈ যাবলগীয়া হয়৷ ড০ সত্যকাম বৰঠাকুৰ অসমীয়া বিভাগৰ অধ্যাপক হোৱাৰ লগতে গণ সংযোগ বিভাগৰ সঞ্চালকৰ দায়িত্বতো আছে৷