Site icon Guwahati Times

শকত হোৱাৰ ভয়ত ভাত নাখায় নেকি? তেন্তে ভয়ংকৰ বিপদৰ আশংকা

কিয়নো ভাত হৈছে খাদ্য আৰু পুষ্টিৰ মুখ্য স্তম্ভ। সেয়েহে ভাত খোৱা পৰিহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক।

বিশেষজ্ঞসকলৰ মতে দৈনিক ভাত খোৱাৰ বাবে আপোনাৰ ওজন বৃদ্ধি হ’ব বুলি ভবা ধাৰনাটো একেবাৰে ভুল। তাৰ সলনি বিশেষজ্ঞসকলৰ মতে, ভাত পৰিমাণ অনুযায়ী খোৱা প্ৰয়োজন আৰু ইয়াক সম্পূৰ্ণৰূপে পৰিহাৰ কৰাৰ কোনো প্ৰয়োজন নাই।

বহুলোকে বিশ্বাস কৰে যে ৰাতি ভাত খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সেয়েহে বেছিভাগ লোকে ৰাতি ভাত খোৱাৰ পৰা বিৰত থাকে। কিন্তু বিশেষজ্ঞসকলৰ মতে, নিশা ভাত খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। যদি আপুনি ভাত খাবলৈ ভাল পায়, তেন্তে দিনত দুবাৰকৈ ভাত খাব পাৰে।

ভাতক ‘ফ্রি ফুড’ বুলি কোৱা হয়। কিয়নো ইয়াত ছডিয়াম, কলেষ্টেৰল, গ্লুটেন আদিৰ দৰে ক্ষতিকাৰক উপাদান নাথাকে। ইয়াত চৰ্বি, সংপৃক্ত চৰ্বি নাথাকে। ইয়াৰ পৰিৱৰ্তে, ভাতত থাকে কাৰ্বোহাইড্ৰেট বা শ্বেতসাৰ, যিয়ে শৰীৰ বৃদ্ধিত মুখ্য ভূমিকা পালন কৰে। লগতে ভাতত থাকে প্ৰ’টিন-ভিটামিন-খনিজ থাকে। ইয়াৰোপৰি সেউজীয়া শাক-পাচলিৰ সৈতে ভাত খোৱাৰ ফলত ইয়াৰ লাভালাভ বৃদ্ধি হয়।

চিকিৎসকৰ মতে, আপুনি অসুস্থ হৈ থাকিলে ৰাতি ভাত খোৱাত কোনো সমস্যা নাই। কিন্তু আপোনাৰ ওজন বেছি হ’লে আবেলি ভাত খাব লাগে, কিয়নো আবেলি হজম ভাল হয়। যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকৰ বাবে সীমিত পৰিমাণৰ ভাত খোৱাটো ভাল।

Exit mobile version