Site icon Guwahati Times

ডিগবৈত মাজ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ জনৰ কৰুণ মৃত্যু…

এটা পৰিয়ালৰ ৫জন ব্যক্তি নিশা প্ৰায় ১ বজাত ডিব্ৰুগড়ৰ পৰা বিয়া খাই লিডু অভিমুখে উভতি অহাৰ সময়ত ডিগবৈ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোলাইৰ টাৰ্মিনেলৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে টাটা ত্যা’গ গাড়ীৰ খন। দুৰ্ঘটনাত এগৰাকী মহিলা সহ চালক আৰু এজন লোক থিতাতে নিহত।

দুজনক সংকট জনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিল যদিও ডিব্ৰুগড়ত চিকিৎসাধিন অৱস্থাত এজনৰ মৃত্যু হয় । নিহত ৪ জন ব্যক্তি ক্ৰমে, জাগুণৰ অমৃত দত্ত, লিডু বজাৰৰ দিছা গুপ, সুভাষ গুপ, আৰু সাধনা গুপ। । বৰ্তমানে ৰতন গুপ নামৰ ব্যক্তিজন ডিব্ৰুগড়ত চিকিৎসাধিন হৈ আছে বুলি জানিব পৰা গৈছে।

আটাইকেইজন একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে।
নিহত গুপ পৰিয়ালৰ ব্যক্তিকেইজনৰ ঘৰ লিডু বজাৰ আছিল ।

Exit mobile version