Site icon Guwahati Times

গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ,বাধা দিবলৈ যাওঁতে আঘাত প্ৰাপ্ত হ’ল দিছপুৰৰ উপ-আৰক্ষী অধীক্ষক হিমাংশু দাস

বুধবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছী নেতা ৰাহুল গান্ধী৷ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা সমৰ্থকৰ বৃহৎ ৰেলীৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় নেতাগৰাকী ৷নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ চমন জাৰি কৰিছিল।

ইফালে পুৱাৰে পৰা ৰাহুল গান্ধীৰ সমৰ্থনত দেশৰ বিভিন্ন কংগ্ৰেছ শাসিত ৰাজ্যসমুহৰ মুখ্যমন্ত্ৰী, কংগ্ৰেছৰ সাংসদ সকলোৰে উপস্থিতিত ৰাহুল গান্ধীৰ সমৰ্থনত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷অসমতো ৰাহুল গান্ধীৰ সমৰ্থনত উলিওৱা হয় এক বৃহৎ সমদল।এই সমদলতেই প্ৰতিবাদকাৰীৰ সৈতে হোৱা হতাহতিত আঘাত প্ৰাপ্ত হয় দিছপুৰৰ উপ আৰক্ষী অধীক্ষক হিমাংশু দাস ।

Exit mobile version