Site icon Guwahati Times

মুছলিম মহাসভাৰ আহ্বান – ডিজে আৰু বেণ্ড বজোৱা বিবাহত ‘নিকাহ’ নপঢ়াবলৈ কাজীক!

মুছলমান সংগঠন মুছলিম মহাসভাৰ বিবাহত ডিজে আৰু বেণ্ড বজোৱা সন্দৰ্ভত এক বিবৃতি আগবঢ়াইছে। জানিব পৰা মতে, সংগঠনটোৰ কাজীসকলকলৈ আহ্বান যাতে ডিজে আৰু বেণ্ড বজোৱা বিবাহত নিকাহ নকৰায়। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত মূল কাৰ্যালয় অৱস্থিত মুছলিম মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি ইমৰান খানে বুধবাৰে এক লিখিত বিবৃতি জাৰি কৰি কাজীসকলক ডিজে বজোৱা বা বেণ্ডৰ সৈতে বিবাহৰ শোভাযাত্ৰা উলিয়াই নিয়া বিবাহত ‘নিকাহ’ নপঢ়াবলৈ আহ্বান জনায়।

বিবাহৰ আগতে, কাজীয়ে ডিজে আৰু বেণ্ড-বাজা দুয়োপক্ষৰ দ্বাৰা যাতে বজোৱা নহয় সেইটো নিশ্চিত কৰিব লাগে বুলি বিবৃতিটোত কয়। লগতে দৰা আৰু দৰা দুয়োৰে পৰিয়ালে তেওঁলোকে ভৱিষ্যতে ডিজে সংস্কৃতিৰ প্ৰচাৰ নকৰে আৰু লগতে তেওঁলোকৰ আত্মীয়সকলক এইবোৰ কৰাত বাধা দিব লাগে এক লিখিত গেৰাণ্টি ল’ব লাগে বুলিও কয়।

Exit mobile version