Site icon Guwahati Times

ৰাতি শুই থাকোতে ডিঙি শুকাই গৈছে নেকি? ৰোগৰ লক্ষণ নেকি?

কি কি কাৰণত ডিঙি শুকাব পাৰে?

১) এই সমস্যা কেতিয়াবা ঔষধৰ পাৰ্শ্বক্ৰিয়া হিচাপে হ’ব পাৰে। বিষৰ ঔষধ গ্ৰহণ কৰিলে এনে হোৱাৰ আশংকা আছে।

২) টোপনিৰ সময়ত বহুলোকে নাকৰ সলনি মুখেৰে উশাহ লয়। মুখখন বহু সময়ৰ পৰা খোলা মুখৰ বাবে শুকাই যায়।

৩) ইয়াৰ কাৰণ হৈছে নিয়মীয়া ধূমপান বা সুৰাপান। জাৰ্নেল অফ ডেন্টেল ৰিচাৰ্ছত প্ৰকাশিত এখন কাকতৰ তথ্য অনুসৰি, নিয়মীয়াকৈ কৰা ধূমপান বা সুৰাপানে মুখৰ লেলাৱতি উৎপাদন হ্ৰাস কৰে। এইটোৱেই সমস্যা হ’ব পাৰে।

৪) ডায়েবেটিচৰ ফলতো কেতিয়াবা এনে সমস্যা হ’ব পাৰে। যদি টোপনিত সকলো সময়তে মুখ শুকাই যায়, আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব।

Exit mobile version