Site icon Guwahati Times

ডুমডুমা, শদিয়া আৰু ডিগবৈ সমষ্টিৰ ৬ খন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় উদ্বোধন

ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমচাং আৰু তাৰা চাহ বাগিচা, শদিয়া সমষ্টিৰ ডাঙৰী আৰু লাইনা চাহ বাগিচা আৰু ডিগবৈ সমষ্টিৰ হাঁহচৰা আৰু চামদাং চাহ বাগিচাত নৱনিৰ্মিত চাহ বাগিচা চৰকাৰী আদৰ্শ বিদ্যালয় ৬ খন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । অসমৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষানে কুমচাং, তাৰা, লাইনা আৰু চামদাং-এই চাৰিখন চাহ বাগিচাৰ বিদ্যালয় চাৰিখন উদ্বোধন কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে হাঁহচৰা আৰু ডাঙৰী-এই দুখন চাহ বাগিচাৰ বিদ্যালয় দুখন উদ্বোধন কৰে । উদ্বোধনী অনুষ্ঠানকেইটাত মন্ত্ৰীদ্বয়ৰ লগত নিজ নিজ সমষ্টিৰ বিধায়ক ক্ৰমে ডুমডুমাৰ বিধায়ক কুমচাং আৰু তাৰা চাহ বাগিচাত, শদিয়াৰ বিধায়ক বলিন চেতিয়া ডাঙৰী আৰু লাইনাত আৰু ডিগবৈৰ বিধায়ক সুৰেন ফুকন চামদাং আৰু হাঁহচৰা চাহ বাগিচাত উপস্থিত থাকে ।

ইয়াৰ উপৰিও তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পাৱাৰ সহ প্ৰশাসনীয় বিষয়াবৰ্গ, স্থানীয় দলীয় আৰু সমাজকৰ্মী নেতা-নেতৃসকল, চাহ বাগিচাকেইখনৰ পৰিচালক, কৰ্মচাৰী, শ্ৰমিক আৰু বিদ্যালয়বোৰত নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকল, শিক্ষক-শিক্ষয়িত্ৰী, আটছা আৰু আছাৰ কৰ্মীসকল প্ৰমূখ্যে বহুসংখ্যক লোকে উদ্বোধনী অনুষ্ঠানকেইটাত যোগদান কৰে ।

চাহ জনজাতি লোকসকলৰ কল্যাণৰ হেতু লোৱা এই যুগান্তকাৰী পদক্ষেপৰ বাবে মন্ত্ৰীদ্বয়ে বিদ্যালয়কেইখনৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয় ৷ অনাগত দিনত এই বিদ্যালয়কেইখনে চাহ বাগিচাসমূহৰ শৈক্ষিক উত্তৰণৰ দিশত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে ।

Exit mobile version