আজি আদালতত হাজিৰ কৰোৱা হ’ব গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তিনি অভিযুক্তক। ৬ দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিব বন্দনা কলিতাৰ। আনহাতে, দেওবাৰেই ৭ দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিছিল ধনটি আৰু অৰূপৰ। আৰক্ষীৰ জিম্মাৰ অন্ত পৰাত আজি তিনিওকে হাজিৰ কৰোৱা হ’ব আদালতত।
ইফালে, পাণবজাৰ থানাত বন্দনাক সাক্ষাৎ কৰিবলৈ উপস্থিত হৈছিল পিতৃ। পাণবজাৰ আৰক্ষীয়ে বন্দনাক সাক্ষাৎ কৰাৰ অনুমতি নিদিলে পিতৃক। পাণবজাৰ মহিলা থানাৰ পৰা বিমুখ হৈ উভতিল পিতৃ। কন্যাক লগ কৰিব নোৱাৰি চকু সেমেকি উঠিল পিতৃৰ।

