Site icon Guwahati Times

টীয়কত খোৱাপানীৰ ATM উদ্বোধন কৰিলে সাংসদ তপন গগৈয়ে

আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আজি টীয়কত এটি বিশুদ্ধ খোৱাপানীৰ ATM মেচিন উদ্বোধন কৰে। টীয়ক পৌৰসভাই প্ৰবেশ কৰ ১৪-১৫ বৰ্ষৰ ৰাহি পুজিৰে টীয়কৰ মিধাঘাট তিনিআলিৰ সমীপত জ্যোতি বিদ্যাপীঠৰ চৌহদত এই মেচিনটো স্থাপন কৰা হৈছে।

অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা উক্ত মেচিনত খুচুৰা দুটকা আৰু পাঁচ টকা ভৰাই দুই লিটাৰৰ পৰা বিশ লিটাৰ পৰ্যন্ত বিশুদ্ধ খোৱাপানী ৰাইজে পোৱাৰ সু ব্যৱস্থা আছে। উক্ত বিশুদ্ধ খোৱাপানীৰ ATM মেচিনটো উদ্বোধনৰ সময়ত উক্ত স্থানত টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ,উপ পৌৰপতি মাধৱী হাজৰিকা,কেইগৰাকী ৱাৰ্ড আয়ুক্ত,জ্যোতিৰ্বিদ্যাৰ টীয়কৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দাস,সম্পাদক অশোক কুমাৰ বৰা,জেষ্ঠ শিক্ষাবিদ ভাৰত ভূষণ বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।উল্লেখযোগ্য যে এই ব্যৱস্থাই বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে নগৰলৈ অহা বিভিন্ন জনৰ খোৱা পানীৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে সাংসদগৰাকীয়ে।

Exit mobile version