Site icon Guwahati Times

অসম নাগালেণ্ড সীমান্তৰ খটখতি দুদুকলোনী ড্ৰাগছ সহ মহিলা আটক

 

অসম নাগালেণ্ড সীমান্তৰ খটখতি আৰক্ষী চকীৰ অন্তৰ্গত লাহৰিজান দুদুকলোনী আজি বিয়লি ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰে খটখতি আৰক্ষীয়ে।

এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখতি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্মৰ নেতৃত্বত, SI চৰণ মোহন চেতিয়া,SI মৃদুল ৰুদ্ৰ পলৰ সহযোগত অভিযান কাৰী দলটোৱে লাহৰিজানত দুদুকলোনী চলোৱা এক অভিযানত দুটা চাবোনৰ বাকচত নিষিদ্ধ ড্ৰাগছসহ 35 হাজাৰ নগদ ধন উদ্ধাৰ।

জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন প্ৰায় 25.5 গ্ৰাম আৰু বজাৰ মূল্য 1 লাখ টকামান হব বুলি অনুমান কৰা হৈছে।

খটখতি আৰক্ষীয়ে আজি দুদুকলোনী স্থানীয় গাঁওৰক্ষী বাহিনীৰ উপস্থিতিত নিষিদ্ধ ড্ৰাগছ খিনি জব্দ কৰে বুলি জানিব পৰা গৈছে।

আটকাধিন মহিলা গৰাকী হৈছে লাহৰিজান দুদুকলোনী মহম্মদ মফিজ আলিৰ পত্নী আছমা বেগম বুলি জানিব পৰা গৈছে।

আটকাধিন মহিলা গৰাকীক অধিক তথ্যৰ বাবে খটখতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Exit mobile version