Drunk Truck Driver busted for hitting many Bikes & Cars and injuring many people severely

1 min read

নগাঁৱত উদণ্ড ট্ৰাক চালকৰ দৌৰাত্ম্য । সুৰামত্ত চালকে মহতিয়াই নিলে কেইবাখনো বাহন । ৰাইজে ট্ৰাক চালকক বান্ধি গতালে আৰক্ষীক ।

– উদণ্ড ট্ৰাক চালকৰ বাবেই এতিয়া ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে নগাঁওবাসীয়ে । নগাঁও চহৰৰ একাংশ ট্ৰাক চালকৰ উদ্ভণ্ডালিৰ প্ৰকোপত মৰণত শৰণ দি যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে পথচাৰীয়ে । সোমবাৰেও এগৰাকী সুৰামত্ত ট্ৰাক চালকে উপদ্ৰৱ চলালে নগাঁও চহৰৰ লাওখোৱা ৰোডত ।
এয়া কোনো ছিনেমাৰ ছিকুৱেন্স নহয় । নহয় কোনো শ্বুটিংস্হলীৰ দৃশ্য । এয়া হৈছে উদণ্ড ট্ৰাক চালকৰ দৌৰাত্ম্যৰ পৰিণতিৰ এক ভয়াবহ জীয়া ছবি । সুৰামত্ত ট্ৰাক চালকৰ উদ্ভণ্ডালিৰ বাবেই নগাঁও চহৰৰ লাওখোৱা ৰোডত সোমবাৰে এনেদৰে ধ্বংসস্তূপলৈ পৰ্যবসিত হ’ল এইকেইখন বাহন । জিতেন বৰা নামৰ এইগৰাকী ট্ৰাক চালকে AS09 C 1082 নম্বৰৰ এইখন ট্ৰাকেৰে এফালৰ পৰা মহতিয়াই নিয়ে দুখনকৈ চাৰিচকীয়া বাহনৰ লগতে চাৰিখনকৈ দুচকীয়া বাহন । যাক লৈ নগাঁৱৰ লাওখোৱা ৰোডত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ । উত্তেজিত ৰাইজে ট্ৰাক চালক গৰাকীক কৰায়ত্ত কৰি ৰছীৰে বান্ধি থৈ গটাই দিয়ে যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীক ।
ৰাইজৰ অভিযোগ অনুসৰি সুৰামত্ত হৈ গাড়ী চলোৱাৰ বাবেই সংঘটিত হ’ল এই ভয়ানক ঘটনা । পুনৰ মন কৰক এই বাহন কেইখনলৈ । কেনেদৰে সুৰাৰ ৰাগীত মাতাল এইগৰাকী ট্ৰাক চালকে মহতিয়াই থৈ যায় এই বাহন কেইখন । অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰিল একাংশ লোকৰ জীৱন ।
এনেদৰেই এতিয়া ভাৰতীয় খাদ্য নিগমৰ সামগ্ৰী কঢ়িওৱা একাংশ ট্ৰাক চালকে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে নগাঁৱৰ ৰাজপথত । কিন্তু প্ৰশ্ন হয় , বিভাগীয় নীতি-নিৰ্দেশনা নমনা এইসকল ট্ৰাক চালকক এতিয়া নাকী লগাব কোনে ?

নগাঁওৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

You May Also Like

More From Author