কামৰূপ(M)ত ড্রাই ডে’ ঘোষণা

1 min read

৬ এপ্রিলত হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণ সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে কামৰূপ জিলাৰ জিলা দণ্ডাধীশ কৈলাস কার্তিক এনে আজি সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্রিলৰ সন্ধিয়া ৬ বজালৈকে জিলাখনত ড্রাই ডে’ ঘোষণা কৰিছে৷

এই সন্দর্ভত জাৰি কৰা নির্দেশটোত কোৱা হয় যে ড্রাই ডে’ৰ সময়ছোৱাত সকলো ধৰণৰ বণ্ডেড ৱেৰহাউছ, বিলাতী সুৰাৰ বিপণীৰ লগতে দেশীয় সুৰাৰ বিপণী বন্ধ থাকিব৷

তদুপৰি, ভোট গণনাৰ অর্থাৎ ২ মে’ৰ দিনটো ভোট গণনা সমাপ্ত নোহোৱা পর্যন্ত সময়ছোৱা ড্রাই ডে’ হিচাপে থাকিব৷

 

 

You May Also Like

More From Author